‘ভুল ঠাইত সোমাল টেট শিক্ষকসকল’-নিয়মীয়া নহয় টেট শিক্ষকৰ চাকৰি,হব “প্ৰায় নিয়মীয়াকৰণ”হে-

Share This Article

শিক্ষকৰ ক্ষোভৰ সন্মুখীন শিক্ষামন্ত্ৰী৷ক্ষোভৰ সন্মুখীন,প্ৰায় নিয়মীয়া আৰু নিয়মীয়াৰ মাজত পার্থক্য বাখ্যা কৰি৷শিক্ষক সন্দর্ভত এক টুলুঙা মন্তব্য কৰি ৰাজ্যৰ টেট শিক্ষকৰ প্ৰতিআবদৰ সন্মুখীন হৈছে শিক্ষামন্ত্ৰী ৰনোজ পেগু৷আজি ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ টেট শিক্ষকে কলাবেজ পৰিধান কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ৷
একৈশ ফেব্ৰুৱাৰীত গোলাঘাটলৈ গৈছিল শিক্ষামন্ত্ৰী৷তাতেই কেইগৰাকীমান শিক্ষকৰ চাকৰি সম্পর্কীয় প্ৰশ্নৰ সন্মুখীন হল শিক্ষামন্ত্ৰী৷শিক্ষকৰ প্ৰশ্নত শিক্ষামন্ত্ৰীয়ে বাখ্যা কৰিলে প্ৰায় নিয়মীয়া আৰু নিয়মীয়াৰ পার্থক্য৷কিন্তু কি এই প্ৰায় নিয়মীয়া আৰু নিয়মীয়াৰ পার্থক্য?
কেইগৰাকীমান টেট শিক্ষকে শিক্ষামন্ত্ৰীক প্ৰশ কৰিলে,চাৰ আমাৰ চাকৰিটো নিয়মীয়া হবনে?শিক্ষামন্ত্ৰীয়ে ক’লে,যে টেট শিক্ষকৰ চাকৰি নিয়মীয়া নহয়,হব প্ৰায় নিয়মীয়া৷কিন্তু প্ৰায় নিয়মীয়াৰ পৰা কেতিয়াও এক মিলিমিটাৰো আগ নাবাঢ়ে৷শিক্ষামন্ত্ৰীয়ে লগতে এইটোও কয়,যে তেওলোকক নিয়মীয়াকৈ দৰমহাটো দিয়াৰহে চিন্তা কৰিছে চৰকাৰে৷তাতকৈ বেছি একো চিন্তা কৰা নাই৷যদি নোৱাৰে তেন্তে চাকৰি এৰি দিব পাৰে৷
ইচ্ছা কৰিলে টেট শিক্ষকে চাকৰি এৰি যাব পাৰে৷শিক্ষামন্ত্ৰীৰ এই টুলুঙা আৰু অপমান সূচক মন্তব্যৰ বিৰুদ্ধে গৰজি উঠিল ৰাজ্যৰ টেট শিক্ষক সকল৷আজি তাৰেই প্ৰতিবাদত তেওলোকে কলাবেজ পৰিধান কৰি সাব্যস্ত কৰে প্ৰতিবাদ৷কিন্তু প্ৰতিবাদৰ দিনাই আন এটা বিতর্কিত মন্তব্য কৰে শিক্ষামন্ত্ৰীয়ে৷শিক্ষামন্ত্ৰীয়ে কয়,আপোনালোকে ভুল জেগাত সোমালে৷আপোনালোকৰ চাকৰি নিয়মীয়াকৰণ নহয়,নির্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি ৰাজনৈতিক বক্তব্যহে আছিল৷
বছৰ বছৰ ধৰি সৰ্বশিক্ষাৰ অন্তৰ্গত প্রাথমিক টেট্ উত্তীর্ণ শিক্ষকসকল নিয়মীয়াকৰণৰ পৰা বঞ্চিত হৈ ৰ’ল৷ যাৰ পৰিপ্ৰেক্ষিতত এই শিক্ষকসকল বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে। উল্লেখযোগ্য যে নিয়মীয়াকৰণৰ আশ্বাসেৰেই ২০২০ চনৰ ১ জুলাইত অসম চৰকাৰে কেবিনেট সিদ্ধান্তযোগে এই সকল শিক্ষকৰ চাকৰি ৬০ বছৰলৈ সুৰক্ষা প্ৰদানৰ লগতে নিয়মীয়া শিক্ষকৰ সমহাৰত নীতি অনুসৰি দৰমহা, মেডিকেল ৰি-ইম্বাচমেন্ট, আপোনঘৰ বেংক লোন আদি সুবিধা প্ৰদানৰ সিদ্ধান্তৰে ৰাজ্যপাল নিৰ্দেশনা প্ৰকাশ কৰিছিল।দুর্ভাগ্যজনক ভাৱে অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তৰে প্ৰকাশিত ৰাজ্যপাল নির্দেশনাক বৃদ্ধ আংগুষ্ঠ প্ৰদৰ্শনেৰে ভঙ্গ কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেণ্ড তথা শিক্ষাবিভাগে।

এক বিবৃতিযোগে সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ নেতৃত্বই জনাই যে বাস্তবক্ষেত্রত কেবিনেট সিদ্ধান্তৰে প্ৰকাশিত ৰাজ্যপাল নিৰ্দেশনাৰ কোনো সুবিধাই প্ৰদান কৰা হোৱা নাই সৰ্বশিক্ষাৰ শিক্ষকসকলক। শিক্ষামন্ত্রীয়ে সকলোকে আলোচনা কৰি সমস্যা সমাধানৰ কথা সংবাদ মাধ্যমত কয় যদিও বাস্তৱত ৬-৭ বাৰ সাক্ষাতৰ পাছতো “মই চাই ল’ম” বুলি কোৱাৰ বাহিৰে কোনো বাস্তৱমুখী পদক্ষেপ গ্ৰহণ নকৰে শিক্ষামন্ত্ৰীয়ে৷ আনহাতে নিজৰ প্ৰাপ্যৰ বাবে আলোচনাৰ মাধ্যমত কোনো সঁহাৰি লাভ নকৰাৰ বাবে এইসকল শিক্ষকে অহা ২৮ ফেব্ৰুৱাৰীত ‘সৰ্বশিক্ষা ঘেৰাও’ কৰাৰ উপৰি আগন্তক সময়ত গুণোৎসৱতো অসহযোগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.