ভাৰতত জনছন এণ্ড জনছন ভেকচিনক অনুমতি : এটা ড’জেই যথেষ্ট

Share This Article

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আমেৰিকাৰ কোম্পেনী জনছন এণ্ড জনছনক ভাৰতত কোভিড ভেকছিন প্ৰদানৰ অনুমতি প্ৰদান কৰিছে ৷ আজি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই এক টুইটযোগে এই কথা সদৰী কৰি কয় যে ভাৰতত এতিয়া ক’ৰোণা প্ৰতিষেধকৰ অধিক বিকল্প উপলব্ধ ৷ জনছন এণ্ড জনছনকো ভেকছিন প্ৰদানৰ অনুমতি প্ৰদান কৰা হৈছে ৷ ইয়াৰ ফলত ক’ৰোণা বিৰোধী সামগ্ৰিক যুদ্ধত ভাৰতে অধিক শক্তি লাভ কৰিব ৷

জৰুৰী পৰিস্থিতিত ১৮ বছৰৰ উৰ্ধৰ লোকসকলক এই ভেকছিন প্ৰদান কৰা হ’ব ৷ এই ভেকছিনৰ এটা ড’জ গ্ৰহণ কৰিলেই হ’ব ৷

ইয়াকে লৈ ভাৰতত এতিয়ালৈকে ক’ৰোণাৰ মুঠ ৫ টা ভেকছিন উপলব্ধ হ’ব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.