ভাষণত নগলিল !

Share This Article

কৰ্ণাটকত বুধবাৰে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।শাসক-বিৰোধী দুয়োটা পক্ষই কৰ্ণাটকৰ এই লিটমাচ টেষ্টৰ বাবে নিজকে পৃথকে পৃথকে সাজু কৰি নিৰ্বাচনী প্ৰচাৰত নামিছিল৷সোমবাৰে বিয়লি ৫ বজাত নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰে।দুয়োটা দলৰ নেতাই আক্ৰমণ -প্ৰত্যাক্ৰমণেৰে ইটো পক্ষই সিটো পক্ষক আক্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে সামৰিছে।কৰ্ণাটকত জয়ৰ বাবে বিজেপিয়ে সকলো প্ৰচেষ্টা চলাইছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী অমিত শ্বাহ,বিজেপি সভাপতি জে পি নাড্ডাই বিগত কেইবাটাও সপ্তাহ কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ চলালে যদিও কিন্তু বিভিন্ন প্ৰতিষ্ঠানে চলোৱা নিৰ্বাচনী সমীক্ষাত কংগ্ৰেছেহে ক্ষমতা দখলৰ ইংগিত পোৱা গৈছে।তাকে লৈ হতাশ হৈছে বিজেপি নেতৃত্ব৷উপায়হীন হৈ কৰ্ণাটকক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰিছে পত্ৰ ৰাজনীতি।কৰ্ণাটকৰ জনতাক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোডীয়ে লিখিছে ‘ আপোনালোকে সদায় মোক মৰম আৰু আশীৰ্বাদেৰে উপচাই ৰাখিছে।আমাৰ ‘আজাদী কা অমৃত কাল’ৰ এই সময়চোৱাত আমি ভাৰতীয় সকলক এখন উন্নত দেশৰ নাগৰিক কৰিব বিচাৰিছোঁ।কৰ্ণাটকেই এই ক্ষেত্ৰত আগভাগ ল’ব লাগিব।ভাৰত হ’ল পঞ্চম স্থানত থকা বৃহৎ অৰ্থনীতিৰ দেশ৷আমাৰ লক্ষ্য তৃতীয় স্থানৰ ভিতৰত থকাটো।’শনিবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে ২৬ কিলোমিটাৰৰ এক ৰ’ড শ্ব’ত অংশ লয়।প্ৰধানমন্ত্ৰীয়ে পত্ৰখনত দলৰ প্ৰতিশ্ৰুতিসমূহ পুনৰ উল্লেখ কৰে।প্ৰধানমন্ত্ৰীয়ে পত্ৰখনত পুনৰ লিখিছে এনেদৰে ‘ ক’ভিড মহামাৰীৰ সময়ত কৰ্ণাটকে ৯০ হাজাৰ কোটি টকাৰ বৈদেশিক বিনিয়োগ লাভ কৰিছিল।কিন্তু ইয়াৰ আগৰ চৰকাৰৰ দিনত মাত্ৰ ৩০ হাজাৰ কোটি বৈদেশিক বিনিয়োগ লাভ কৰিছিল কৰ্ণাটকে।আমি কৰ্ণাটকক বিনিয়োগ,উদ্যোগ,শিক্ষা,নিযুক্তি আৰু উদ্যমিতাৰ ক্ষেত্ৰত প্ৰথম স্থানলৈ উন্নীত হোৱাটো বিচাৰিছোঁ৷কৰ্ণাটকৰ প্ৰতিগৰাকী লোকে দেখা সপোনকেই মই নিজেও দেখোঁ।উল্লেখ্য যে কৰ্ণাটকৰ মুঠ ৫.২ কোটি ভোটাৰে এই নিৰ্বাচনী প্ৰক্ৰিয়াত অংশ ল’ব।ইয়াৰে মুঠ ৯.১৭ লাখ ভোটাৰে প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশ ল’ব।ৰাজ্যখনৰ মুঠ ২২৪ টা বিধানসভাৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হ’ব৷ইয়াৰে ২২৩ টা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব আগবঢ়াইছে৷জনতা দল (এছ) এ ২০৭ খন আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।আনহাতে বিজেপি দলে ২২৪ টা সমষ্টিতেই প্ৰাৰ্থিত্ব আগবঢ়াইছে।ভাষণেৰে মন গলাব নোৱাৰা ভোটাৰক মোডীৰ পত্ৰই কিমান আকৰ্ষণ কৰিব পাৰে সেয়া জানিবলৈ ৰ’ব লাগিব ১৩মে’লৈ !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.