ভয়ংকৰ মুদ্ৰাস্ফীতি, মূৰ্তি নিৰ্মাণত পৰা নাই যতি !

Share This Article

বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা মূৰ্তি নিৰ্মাণৰ যেন চলিছে এক অবাধ প্ৰতিযোগিতা।গুজৰাটৰ চৰ্দাৰ বল্লভ ভাই পেটেলৰ সুউচ্চ মূৰ্তিৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বিভিন্ন স্থানত নিৰ্মাণ হৈছে বিভিন্ন মূৰ্তি।এইবাৰ ৰামৰ ভাতৃ লক্ষ্মণৰ মূৰ্তি উদ্বোধন হ’ল উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ বিমানবন্দৰৰ কাষত।বৃহস্পতিবাৰে এই মূৰ্তি উন্মোচন কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৷অনুষ্ঠানত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় প্ৰতিৰক্ষা মূৰ্তি তথা লক্ষ্ণৌ সংসদীয় সমষ্টিৰ সাংসদ ৰাজনাথ সিঙে কয় যে তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সপোনক বাস্তৱ ৰূপ দিবলৈ অহৰহ চেষ্টা চলাই আছে।ৰাজনাথ সিঙে লগতে কয় যে আইন শৃংখলাজনিত পৰিস্থিতিৰ উন্নতিৰ বাবেই উত্তৰ প্ৰদেশত উন্নয়ন হৈছে৷এইকথা এতিয়া ভাৰততে নহয়,ভাৰতৰ বাহিৰতো চৰ্চা হয় বুলি লগতে তেওঁ উল্লেখ কৰে।আনহাতে,মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে শুকুৰবাৰে G-20ৰ সন্মিলনৰ সময়ত সমগ্ৰ বিশ্বই ৰাজ্যখনৰ উন্নয়নৰ বিষয়টো উপলব্ধি কৰিব৷উত্তৰ প্ৰদেশত বিনিয়োগৰ বহুত উৎস আছে৷সেইবোৰ এতিয়াহে ৰাজ্যবাসীয়ে অনুভৱ কৰিছে।বিজেপিৰ সাংসদ সংগমলাল গুপ্তাই প্ৰধানমন্ত্ৰী লৈ এক পত্ৰ প্ৰেৰণ কৰি লক্ষ্ণৌ নামটো সলনি কৰি ‘লক্ষণপুৰ’ অথবা লক্ষ্মণপুৰ কৰাৰ দাবী জনাইছে৷লক্ষ্ণৌ নামটো ১৮ শতিকাত নবাব আছাফুদৌল্লাইহে দিয়া বুলি তেওঁ পত্ৰত উল্লেখ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.