সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভগৱতৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ

RSS প্ৰধান মোহন ভগৱতৰ বিৰুদ্ধে ট্ৰেণ্ডিং আৰম্ভ হৈছে সামাজিক মাধ্যমত।সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলে ভগৱতৰ ব্ৰাহ্মণবিৰোধী মন্তব্যৰ বিৰোধিতা কৰি ৰাজহুৱাকৈ ক্ষমা বিচৰাৰ দাবী তুলিছে।অৱশ্যে এতিয়ালৈকে ক্ষমা খোজা নাই মোহন ভগৱতে।তাৰ বিপৰীতে RSS ৰ প্ৰচাৰ প্ৰমুখ সুনীল আম্বেকাৰে এক বিজ্ঞপ্তিৰ জৰিয়তে মোহন ভাগৱতৰ মন্তব্যৰ স্পষ্টীকৰণ দিছে।উল্লেখ্য যে বিগত দেওবাৰে মোহন ভগৱতৰ এক মন্তব্যই বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল।মাৰাঠী ভাষাত তেওঁ জাতিভেদ প্ৰথা সম্পৰ্কত মন্তব্য প্ৰকাশ কৰিছিল।ভগৱতৰ মন্তব্যৰ উদ্ধৃতি দি সংবাদ প্ৰতিষ্ঠান ANI এ প্ৰকাশ কৰিছিল এনেদৰে’ প্ৰতিটো কামেই যদি সমাজৰ বাবে,তেন্তে কেনেকৈ কোনোবাটো কাম উচ্চ আৰু কোনোবাটো কাম নীচ হয়?ভগৱানে সদায় সকলোকে একে বুলি কৈ আহিছে,কোনো জাতি নাই কিন্তু পণ্ডিত সকলে শ্ৰেণী বিভাজন কৰে,সেইটো আচলতে ভুল।”অৱশ্যে মঙলবাৰে এই মন্তব্যৰ স্পষ্টীকৰণ দিয়া হ’ল।সংবাদ প্ৰতিষ্ঠান ANI এ সোমবাৰৰ তেওঁলোকৰ টুইটটো উঠাই লৈছে।RSS ৰ তৰফৰ পৰা স্পষ্টীকৰণ দিয়াৰ পিছত সংবাদ প্ৰতিষ্ঠানটোৱে উঠাই লয় এই মন্তব্য।নতুন টুইটটোত ANI এ লিখিছে ‘ সত্যই ভগৱান৷সত্যই কয় যে মই সৰ্বব্যাপী আছোঁ৷যি ধৰণেৰেই নাথাকোঁ,গুণটো এটাই, সেয়া হ’ল কোনো উচ্চ বা নীচ ভাৱে নহয়,বেদ-উপনিষদৰ ভিত্তিত পণ্ডিতসকলে জাতিভেদৰ ওপৰত যি কয়,সেয়া সঁচা নহয়।এই ধাৰণাটো প্ৰকৃতাৰ্থত আঁতৰ কৰা উচিত ।একেধৰণৰ বিজ্ঞপ্তিয়ে প্ৰকাশ কৰিছে RSSৰ প্ৰপাগণ্ডা মূৰব্বী সুনীল আম্বেকাৰে।তেওঁ টুইটটোত লিখিছে ভগৱতে আচলতে পণ্ডিত শব্দৰ জৰিয়তে ‘শিক্ষাবিদ’কহে বুজাইছে। ইমানবোৰ স্পষ্টীকৰণৰ পিছতো কিন্তু মোহন ভগৱতৰ বিৰুদ্ধে গঢ়ি উঠিছে প্ৰতিবাদৰ জোৱাৰ।দুৰ্গেশ পাণ্ডে নামৰ এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে ‘ ভগৱতে ব্ৰাহ্মণক বলিৰ
পঠা সজাইছে৷আন এটা টুইটত একেজন টুইটাৰ ব্যৱহাৰকাৰীয়ে মোহন ভগৱতে ক্ষমা নোখোজা পৰ্যন্ত মন্দিৰত প্ৰৱেশত বাধা দিয়াৰ দাবী তুলিছে।আন এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে ‘ আৰএছএছে কি শব্দ কেনেকৈ প্ৰয়োগ কৰিব লাগে,সেয়া জনা উচিত।কোনো কাৰণ নোহোৱাকৈ ব্ৰাহ্মণক গালি পৰা অনুচিত।ভাৰতত আপুনি যদি একো নকৰাকৈ বিখ্যাত হ’ব বিচাৰে তেন্তে ব্ৰাহ্মণক গালি পাৰক।’২০২৪ চনৰ নিৰ্বাচনৰ আগত মোহন ভগৱতৰ এই মন্তব্যই বিপদত পেলাব পাৰে বিজেপিক !২০১৫ চনতো সংৰক্ষণ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰিছিল ভগৱতে৷সেই সময়ত বিহাৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল৷বিজেপিয়ে মোহন ভগৱতৰ মন্তব্যৰ ফল বাৰুকৈয়ে পালে সেইবাৰ বিহাৰ বিধানসভা নিৰ্বাচনট,নিৰ্বাচনী ফলাফলত বিজেপি পৰাজিত হ’ল।

Leave A Reply

Your email address will not be published.