বৰপেটা লোকসভা সমষ্টিত বিজয়ৰ লক্ষ্য তৃণমূল কংগ্ৰেছৰ

Share This Article

নলবাৰী জিলাত ক্ৰমাৎ শক্তিশালী হৈ উঠিছে তৃণমূল কংগ্ৰেছ দল। জিলাখনৰ তিনিওটা বিধান সভা সমষ্টিৰ অন্তৰ্গত আটাইকেইটা ব্লক সমিতি গঠন কৰি দলটোৱে সাংগঠনিক ভেটি মজবুত কৰি তুলিছে। নলবাৰী জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি জিৎমণি শৰ্মাৰ নেতৃত্বত দলটোৱে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তৎপৰতা অব্যাহত ৰাখিছে। জিলাখনৰ নলবাৰী, বৰক্ষেত্ৰী আৰু নৱগঠিত টিহু বিধান সভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত সৰু সৰু সভা-সমিতি অনুষ্ঠিত কৰি ভোটাৰ ৰাইজক দলটোৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে। নলবাৰী জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি জিৎমণি শৰ্মাই এই সন্দৰ্ভত কয় যে আগন্তুক লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিত দলটোৰ নলবাৰী জিলা সমিতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সক্ষম হ’ব। ইণ্ডিয়া এলায়েঞ্চৰ সন্দৰ্ভত দলটোৰ জিলা সভাপতিগৰাকীয়ে কয় যে এই ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বৰ সিদ্ধান্ত অনুসৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ব। অৱশ্যে এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থী বিজয়ী কৰোৱাৰ ক্ষেত্ৰত নলবাৰী জিলা তৃণমূল কংগ্ৰেছৰ এক নিৰ্ণায়ক ভূমিকা থাকিব বুলি দাবী কৰে জিলা তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। ইফালে তৃণমূল কংগ্ৰেছ ইণ্ডিয়া এলায়েঞ্চৰ পৰা আঁতৰত থাকিলে দলটোৰ ৰাজ্যিক নেতৃত্বৰ সিদ্ধান্ত অনুসৰি ভূমিকা গ্ৰহণ কৰিব বুলি দলটোৰ জিলা সভাপতি জিৎমণি শৰ্মাই সদৰী কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.