বিৰোধীৰ ভয়ত কঁপিছে বিজেপি

Share This Article

দিল্লীত শুকুৰবাৰে অনশনত বহিব ১৮ টা ৰাজনৈতিক দলে।অনশন বন্ধ কৰাৰ বাবে বিজেপিয়ে ৰচিছে এক পৰিকল্পনা।পৰিকল্পনা অনুসৰি ভাৰত ৰাষ্ট্ৰ সমিতিৰ এমএলচি তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাক বৃহস্পতিবাৰে ইডিয়ে তলব কৰিছিল।দিল্লীৰ আবকাৰী নীতি সম্পৰ্কত কে কবিতালৈ চমন জাৰি কৰিছিল EDএ।বৃহস্পতিবাৰে কবিতাই এক সংবাদমেল সম্বোধন কৰি কয় ‘ যদি এগৰাকী মহিলাক কোনো কেন্দ্ৰীয় সংস্থাই তলব কৰে আইন অনুসৰি তেওঁৰ মৌলিক অধিকাৰ অনুসৰি তেওঁৰ ঘৰতেই প্ৰশ্ন কৰিব পাৰে।”আমি বিগত ২ মাৰ্চত দিল্লীৰ অনশন কাৰ্যসূচী সম্পৰ্কত প’ষ্টাৰিং কৰিছিলো।মহিলাৰ সংৰক্ষণ বিধেয়ক খন চলিত সংসদৰ অধিৱেশনত গৃহীত কৰাৰ দাবীৰে এই অনশন কাৰ্যসূচী লোৱা হৈছিল।সেয়ে মই ৯ মাৰ্চৰ পৰা ED কাৰ্যালয়ত উপস্থিত হোৱাৰ দিন ১১মাৰ্চলৈ পিছুৱাবলৈ আহ্বান জনাইছোঁ৷সেই অনুসৰি মই ১১মাৰ্চত উপস্থিত হ’মগৈ।কিন্তু এই অনশন বাতিল কৰাৰ বাবেই EDএ মোক তলব কৰে।’তেওঁ লগতে কয় যে তেওঁ ইতিমধ্যে সংস্থাটোক জনাইছে যে আইন মনা এগৰাকী নাগৰিক হিচাপে ,তেওঁ তদন্তকাৰী সংস্থাক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.