বিহু স্মৰণিকা প্ৰতিযোগিতাৰ আয়োজন

Share This Article

গুৱাহাটী মহানগৰীৰ PHOENIX CREATION’sএ ২০২৩ চনত অনুষ্ঠিত হোৱা ৰঙালী বিহু সন্মিলন উপলক্ষে প্ৰকাশিত স্মৰণিকা সমূহৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে।সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত আয়োজন কৰা এই প্ৰতিযোগিতা লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিহু আয়োজক সকলে প্ৰকাশিত কৰা স্মৰণিকা সমূহ প্ৰেৰণ কৰিব পাৰিব। এই প্ৰতিযোগীতাৰ পুৰস্কাৰ সমূহ হ’ল-

১) শ্ৰেষ্ঠ স্মৰণিকা বঁটা- ১ লাখ টকা।

২) দ্বিতীয় শ্ৰেষ্ঠ স্মৰণিকা বঁটা- ৫০,০০০ টকা।
৩) তৃতীয় শ্ৰেষ্ঠ স্মৰণিকা বঁটা- ২৫,০০০ টকা।

তদুপৰি এই প্ৰতিযোগিতাত থাকিব-
স্মৰণিকাৰ শ্ৰেষ্ঠ বেটুপাত বঁটা- ২০,০০০ টকা।
দ্বিতীয় শ্ৰেষ্ঠ স্মৰণিকা বেটুপাত বঁটা- ১৫,০০০ টকা আৰু তৃতীয় শ্ৰেষ্ঠ বেটুপাত বঁটা- ১০,০০০ টকা। ইয়াৰ বাহিৰেও শ্ৰেষ্ঠ অলংকৰণ বঁটা- ১৫,০০০ টকা, শ্ৰেষ্ঠ সম্পাদকীয় বঁটা- ১৫,০০০ টকা প্ৰদান কৰা হ’ব বুলি আয়োজক সকলে জানিবলৈ দিছে। দিয়া মতে এই প্ৰতিযোগীতাৰ সমান্তৰালভাৱে ২০২৩ বৰ্ষৰ স্মৰণিকাসমূহৰ এক ৰাজ্যিক ভিত্তিক প্ৰদৰ্শনী,স্মৰণিকা সমূহত প্ৰকাশিত বিহু বিষয়ক নিৰ্বাচিত লেখাৰ সংকলনো প্ৰকাশৰ ব্যৱস্থা কৰিছে।
প্ৰতিযোগিতাত অংশ লোৱাৰ নিয়ম সমূহ হ’ল-

১) প্ৰতিযোগিতাৰ বাবে অতি ক’মেও ৫টা স্মৰণিকা কপি প্ৰেৰণ কৰিব লাগিব আয়োজক সকলে।
২) বিহু আয়োজক সমিতিয়ে সেই বিহু খনৰ বিষয়ে ২০০ শব্দৰ ভিতৰত এক চমু পৰিচয় উল্লেখ কৰিব লাগিব।
৩) প্ৰতিযোগিতালৈ প্ৰেৰণ কৰা স্মৰণিকা সমূহত প্ৰকাশিত নিৰ্বাচিত লেখা সংকলিত কৰাৰ ক্ষেত্ৰত কোনো আপত্তি দৰ্শাব নোৱাৰিব।
৪) প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে এখন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। সেই প্ৰ-পত্ৰৰ লগত ভৰ্তি মাছুল আদায় দিব লাগিব।
৫) প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰা স্মৰণিকা সমূহ ডাক, কুৰিয়াৰ বা হাতে হাতে দিব পাৰিব। অৱশ্যে প্ৰতিযোগিতাৰ ভৰ্তি মাছুল আদায় দিয়াৰ তথ্য ইয়াৰ লগত সংলগ্ন হ’ব লাগিব।
৬) ডাক বা কুৰিয়াৰযোগে প্ৰেৰণ কৰা স্মৰণিকাৰ টোপোলা আয়োজকৰ হাতত নপৰিলে সেই দায়িত্ব আয়োজকৰ নহ’ব।
৭) আয়োজক সকলে প্ৰতিষ্ঠিত লেখক, বিহু গৱেষণাৰে জড়িত বিচাৰকৰ এক উচ্চ পৰ্যায়ৰ কমিটীৰ জৰিয়তে এই স্মৰণিকা সমূহৰ শ্ৰেষ্ঠত্ব নিৰূপণ কৰিব। এই ক্ষেত্ৰত বিচাৰক আৰু আয়োজকৰ সিদ্ধান্তই হ’ব চূড়ান্ত।
৮) প্ৰতিযোগতাৰ বাবে ভৰ্তি মাছুল ২০০০ টকা। এই মাছুল অনলাইন বা নগদ আদায় দিব পাৰিব।
৯) প্ৰতিযোগিতালৈ স্মৰণিকা প্ৰেৰণৰ অন্তিম সময় ৩১ জুলাই, ২০২৩ নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে প্ৰয়োজনত আয়োজক সকলে এই সময় বঢ়াই দিব পাৰিব।
১০) কোনো আইনী ওজৰ-আপত্তি থাকিলে সেয়া গুৱাহাটী আদালততে নিষ্পত্তি কৰা হ’ব।
প্ৰতিযোগিতাৰ বাবে স্মৰণিকা প্ৰেৰণৰ ঠিকনা-বিহু স্মৰণিকা প্ৰতিযোগিতা ২০২৩,মাৰফৎ- দিপ্ত প্ৰসাদ গোস্বামী
ঘৰ নং-২৭,প্ৰথম বাইলেন(বাঁওফালে)
এল এন বি পথ , হাতীগাঁও।
দিছপুৰ, গুৱাহাটী -৩৮
প্ৰতিযোগিতাৰ সবিশেষ জনাৰ বাবে যোগাযোগ কৰক-৯৯৫৪৫৪৪৪৫০, ৮৬৩৮২৮৭৩৫৪।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.