বিসম্বাদৰ বাবেই মুখথেকেঁচা খাব বিজেপিয়ে?

উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত হিমাচল প্ৰদেশক লৈ যথেষ্ট আশাবাদী বিজেপি৷
কিন্তু বিজেপিৰ আশাত চেঁচাপানী ঢালিছে কোনে? ‘অসফল’ বুলি টিকেট নিদিয়া প্ৰায়সংখ্যক প্ৰাক্তন বিজেপিয়েই প্ৰাৰ্থিত্ব আগবঢ়াইছে নিৰ্দলীয় হিচাপে৷ তদুপৰি বহুসংখ্যক বিজেপি গৈছে কংগ্ৰেছলৈ ! উল্লেখ্য যে বিজেপিৰ সভাপতি জে পি নাড্ডাৰ নিজৰ ৰাজ্য হিমাচল প্ৰদেশ৷ নিজ ৰাজ্যতেই দলটোত সৃষ্টি হোৱা বাদ বিসম্বাদৰ অন্ত পেলাবলৈ নাড্ডাই বাহৰ পাতি আছে ৰাজ্যখনত৷ ২০১৭ চনৰ নিৰ্বাচনত ৰাজ্যখনৰ মুঠ ৬৮ খন আসনৰ ৪৪খনত জয়লাভ কৰিছিল বিজেপিয়ে৷ কিন্তু ২০ টা সমষ্টিত প্ৰায় ৩০০০ ৰতকৈয়ো কম ভোটত জয় লাভ কৰিছিল বিজেপিয়ে৷ বিদ্ৰোহী বিজেপি সকলৰ ভিতৰত আছে কুলু সদৰৰ প্ৰাক্তন সাংসদ মহেশ্বৰ সিং ,তেওঁৰ পুত্ৰ হিতেশ্বৰ সিং,ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ কৃপাল পাৰমাৰ,বিজেপিৰ প্ৰাক্তন বিধায়ক তেজৱন্ত নেগী,নালগৰৰ কে এল ঠাকুৰ,মন্দি সদৰৰ প্ৰবীণ শৰ্মা,বিলাসপুৰ সদৰৰ সুভাষ শৰ্মা,সুন্দৰ নগৰৰ অভিষেক ঠাকুৰ,ধৰমশালাৰ বিপিন নেহৰীয়া,ৰহৰুৰ ৰাজীন্দৰ ধীৰতা,ইন্দোৰাৰ মনোহৰ ধীমান,বাদচাৰৰ সঞ্জীৱ শৰ্মা,চম্বাৰ ইন্দ্ৰ কাপুৰ আদি৷
মনোনয়ন দাখিল কৰা ৫৫১ জনৰ ভিতৰত প্ৰায় ২৪ জন মান প্ৰাৰ্থীয়েই বিসম্বাদী বিজেপি৷
বিসম্বাদী বিজেপিক সভাপতি নাড্ডাই৷ সৈমান কৰিব পৰাৰ ওপৰতেই নিৰ্ভৰ কৰিব বিজেপিৰ ভাগ্য৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296