Investigative reporting with dedication.

বৃহস্পতিবাৰে পুৱাই কোকৰাঝাৰৰ বিশাল মেগা মাৰ্টত সৃষ্টি হ’ল অপ্ৰত্যাশিত পৰিস্থিতিৰ।কোকৰাঝাৰ বিশাল মেগামাৰ্টৰ মহিলা কৰ্মচাৰীক দুৰ্ব্যৱহাৰৰ অভিযোগ তুলিছে তাতেই কৰ্মৰত মহিলা কৰ্মচাৰীয়ে।শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতনৰ অভিযোগ তুলিছে মহিলা কৰ্মচাৰী গৰাকীয়ে।সহ মেনেজাৰৰ নয়ন পাটোৱাৰীৰ বিৰুদ্ধে এই অভিযোগ।ষ্টৰ মেনেজাৰৰ বিৰুদ্ধেও অভিযোগ।ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে গোচৰ তৰিছে স্থানীয় আৰক্ষী থানাত।কোকৰাঝাৰ সদৰ থানাত গোচৰ ৰজু কৰিলে ভুক্তভোগী মহিলাই।অৱশ্যে সমগ্ৰ ঘটনা অস্বীকাৰ কৰিছে বিশাল মেগামাৰ্ট কৰ্তৃপক্ষই ।




