বিয়াৰ সাজোন কাচোনেই কাল হ’ল এখন বিয়াত !

Share This Article

মঙলবাৰে ঝাৰখাণ্ডৰ ধানবাদত সংঘটিত হয় এক ভয়ংকৰ ঘটনা।ধানবাদৰ আশীৰ্বাদ টাৱাৰ এপাৰ্টমেণ্টত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ১৪ জন লোকক মৃত্যু হয়।এপাৰ্টমেণ্টৰ পৰা মাত্ৰ কিছু নিলগৰ বিবাহ ভৱনত সম্পন্ন হৈছিল কন্যাৰ বিবাহ!বিবাহ অনুষ্ঠানত অংশ ল’বলৈ পৰিয়ালৰ মহিলা সকলে সাজোনকাচোনৰ বাবে ওচৰতে থকা কন্যাৰ পিতৃৰ এপাৰ্টমেণ্টলৈ আহিছিল।ফ্লেটৰ গৰাকী সুবোধলাল বাৰ্ণৱাল সেই সময়ত ফ্লেটত উপস্থিত নাছিল যদিও পাটনাৰ পৰা অহা পৰিয়ালৰ প্ৰায়সংখ্যক মহিলা অতিথিয়েই এপাৰ্টমেণ্টটোত নিজকে সজাবলৈ ফ্লেটলৈ আহিছিল।দুৰ্ভাগ্যবশতঃ সেই সময়তে এগছি চাকিৰ পৰা কাৰ্পেটত জুই লাগিল৷মৃত সকলৰ ১০ গৰাকীয়েই মহিলা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.