বিমুদ্ৰাকৰণ বোলে ভুল নাছিল !

Share This Article

২০১৬ চনৰ ৮ নবেম্বৰৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃৃত্বাধীন চৰকাৰে লৈছিল এক ঐতিহাসিক সিদ্ধান্ত।সেই দিনা নিশা ১২বজাৰ পৰা ৫০০ আৰু ১০০০ টকীয়া নোটবোৰ নিষিদ্ধ ঘোষণা কৰিছিল ।বিগত ৭ ডিচেম্বৰত বিমুদ্ৰাকৰণ সম্পৰ্কত চৰকাৰ আৰ বিমুদ্ৰাকৰণক প্ৰত্যাহ্বান জনাই আবেদন জনোৱা সকলৰ শুনানি গ্ৰহণ কৰিছিল উচ্চতম ন্যায়ালয়ে।আবেদনকাৰী সকলৰ মতে চৰকাৰে যিকোনো এটা চিৰিজৰ নোট নিষিদ্ধ ঘোষণা কৰিব পাৰে যদিও সমগ্ৰ নোট নিষিদ্ধ কৰিব নোৱাৰে৷তদুপৰি ৰিজাৰ্ভ বেংকৰ আইন অনুসৰিয়ো এই কাম অসংবিধানিক আছিল
।দুয়ো পক্ষৰ শুনানি গ্ৰহণ কৰাৰ পিছত ন্যায়ালয়ে এই ৰায়ৰ সিদ্ধান্ত ২জানুৱাৰীলৈকে স্থগিত ৰাখিছিল ।আজি বিষয়টো সম্পৰ্কত সৰ্বোচ্চ ন্যায়ালয়ে ৰায় দান কৰে।ন্যায়াধীশ এছ আব্দুল নাজিৰ,ন্যায়াধীশ বি আৰ গবাই,ন্যায়াধীশ এছ এছ বোপান্না,ন্যায়াধীশ বি ৰামসুব্ৰমনিয়াম আৰু ন্যায়াধীশ বি ভি নাগৰত্নৰ বিচাৰপীঠে সোমবাৰে দিয়ে এই ৰায় ।
এই ৰায় অনুসৰি কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ আগতে ৰিজাৰ্ভ বেংকৰ লগত আলোচনা কৰিছিল।ন্যায়াধীশ বি ভি নাগৰত্নই দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰাৰ পিছত এই ৰায় প্ৰদান কৰে।উল্লেখ্য যে কেন্দ্ৰই ১০০০ আৰু ৫০০ টকীয়া নোট নিষিদ্ধ কৰাৰ সপক্ষে যুক্তি দৰ্শাই কৈছিল ১০০০ আৰু ৫০০ টকীয়া নোট বন্ধ কৰাৰ প্ৰধান কাৰণ হ’ল নকল নোট বন্ধ কৰা,ক’লা ধনৰ সৰবৰাহ বন্ধ কৰা আৰু সন্ত্ৰাসবাদীক পুঁজি যোগান বন্ধ কৰা।কেন্দ্ৰৰ এই যুক্তিৰ বিপৰীতে আবেদনকাৰীয়ে এই বিমুদ্ৰাকৰণৰ সিদ্ধান্তৰ ফলত মুদ্ৰাস্ফীতিৰ লগতে দেশৰ ব্যৱসায় বাণিজ্য যথেষ্ট বিঘ্নিত হ’ব বুলি উল্লেখ কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.