বিফল প্ৰধানমন্ত্ৰী মোডী,হতাশ বিজেপি !

Share This Article

২০২৪ চনৰ লোকসভাৰ নিৰ্বাচন সমাগত।মাজত আছে মাত্ৰ ৭ টা মাহ।বিগত ৯ টা বছৰৰ সকলো প্ৰতিশ্ৰুতি ৰক্ষা কৰিব লাগিব বিজেপিয়ে।প্ৰতিশ্ৰুতিৰ নামত কথাৰ ফুলজাৰি ভাৰতীয় ভোটাৰে আৰু সহ্য নকৰে বুলি ভয় খাইছে বিজেপিয়ে।সময় যিমানে কাষ চাপিছে,ভৰিৰ তলৰ মাটি হেৰাইছে দলটোৰ।সেয়ে জনতাৰ লগতে বিৰোধী দলক ব্যস্ত ৰখাৰ বাবে নিতৌ নতুন নতুন কৌশল ৰূপায়ণ কৰিছে দলটোৱে।বিগত প্ৰায় চাৰিটা মাহ ধৰি জনতাৰ সন্মুখত তুলি দিছে বিভিন্ন ইছ্যু।কেতিয়াবা উমৈহতীয়া দেৱানী বিধিৰ জৰিয়তে সকলোৰে বাবে বিবাহ,সম্পত্তিৰ উত্তৰাধিকাৰী,বিবাহ বিচ্ছেদ আদিৰ একে নিয়ম বলবৎ কৰাৰ কথা কৈছে বিজেপি চৰকাৰ।এনেকুৱা কিছুমান বিতৰ্কিত বিষয় দাঙি ধৰি দেশৰ জনতাৰ মাজত মতবিৰোধ বৃদ্ধি কৰাই ব্যস্ত ৰাখে বিজেপিয়ে।ঠিক সেইদৰে দেশৰ নাম সলোৱাৰ কথা কৈয়ো ব্যস্ত ৰাখিলে দেশৰ জনতাক।লোকসভা নিৰ্বাচনৰ লগতে দেশৰ সকলো নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ বাবে দেশত এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ ইছ্যু দাঙি ধৰিলে,লগে লগে সমগ্ৰ দেশতে হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হ’ল ,কোনোবাই যদি সমৰ্থন কৰিলে কোনোবাই ইয়াৰ বিৰোধিতা কৰিলে।তদুপৰি প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠন কৰা হ’ল এক সমিতি।প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত,প্ৰাক্তন ন্যায়াধীশক লৈ গঠন কৰা হ’ল এই সমিতি।সমিতিয়ে এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ বিষয়টো সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিব। শেহতীয়াকৈ বিজেপিৰ মনত পৰিল মহিলা সংৰক্ষণ বিধেয়কলৈ।ইয়াৰ জৰিয়তে মহিলা সকলৰ বাবে লোকসভা আৰু বিধানসভাত ৩৩% আসন সংৰক্ষণৰ দাবী উত্থাপিত হৈছে।ইতিমধ্যে এই বিধেয়ক লোকসভাত গৃহীত হ’ল৷মাত্ৰ ২ গৰাকী সাংসদে ইয়াৰ বিৰোধিতা কৰিছে ।উল্লেখ্য যে ঘৰ ঘৰ মোডী হৰ হৰ মোডী শ্লোগানেৰে শাসনলৈ আহিছিল বিজেপি।২০১৪ আৰু ২০১৯ চনত সমগ্ৰ ভাৰত হৈ পৰিছিল মোডীময় ।২০১৪ চনত প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত বিজেপি ক্ষমতালৈ আহিছিল আৰু তেতিয়া মোডীৰ প্ৰতিশ্ৰুতি আছিল দেশলৈ ক’লাধন ঘূৰাই অনা ! ঘূৰাই অনা ক’লা ধন প্ৰতিগৰাকী ভাৰতীয়ৰ একাউণ্টত ১৫ লাখকৈ জমা দিয়া। কিন্তু প্ৰধানমন্ত্ৰী মোডীৰো সেই প্ৰতিশ্ৰুতি পূৰণ নহ’ল আৰু জনতাৰো সপোন সপোন হৈয়ে ৰ’ল।তদুপৰি বছৰি ২ কোটি লোকক কৰ্মসংস্থাপন দিয়া,কৃষকৰ আয় দুগুণ কৰা আদি কেইবাটাও বৃহৎ বৃহৎ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া কাৰ্যক্ষেত্ৰত সম্ভৱ নহ’ল।মোডী চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ভিতৰত পূৰণ হ’ল কেৱল ৰাম মন্দিৰ নিৰ্মাণ। অহা ২১জানুৱাৰীৰ পৰা ২৩জানুৱাৰীৰ ভিতৰত ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব বুলি মন্দিৰ কৰ্তৃপক্ষই নিশ্চিত কৰিছে।কিন্তু ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতিক কিমান ভোটাৰে গ্ৰহণ কৰিব তাক লৈ দোমোজাত পৰিছে বিজেপি।কিয়নো ৰাম মন্দিৰ নিৰ্মাণ চলি থকাৰ পিছতো উত্তৰ প্ৰদেশৰ ঘোছী বিধানসভা সমষ্টিৰ উপনিৰ্বাচনত বৰ বেয়াকৈ মুখথেকেঁচা খালে বিজেপিয়ে।একেখন ৰাজ্যতে এফালে ৰাম মন্দিৰৰ নিৰ্মাণ চলি থকাৰ পিছতো আনটো মূৰত বিজেপি হাৰিল যিটো বিষয়ে চিন্তান্বিত কৰিছে বিজেপিক।তাতে দলটোৰ ভিতৰতো বাঢ়িছে বিসম্বাদ।সেয়ে প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপিয়ে পৰিকল্পিতভাৱেই ইটোৰ পিছত সিটো ইছ্যু আৰম্ভ কৰিছে যাৰ জৰিয়তে জনতা আৰু বিৰোধী দলবোৰক ব্যস্ত ৰখাত সফল হৈছে বিজেপি।জনতাক মূল ইছ্যুৰ পৰা আঁতৰাই ৰাখিব পৰাটো বিজেপি দল তথা চৰকাৰৰ এটা ডাঙৰ গুণ আৰু এই গুণটোৰ বাবেই প্ৰতিবাৰেই বিজেপিয়ে জনতাৰ দৃষ্টি আন গুৰুত্বহীন বিষয়লৈ নিয়াত সক্ষম হয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.