Investigative reporting with dedication.

মহাৰাষ্ট্ৰত বিজেপিৰ মুখ থেকেচা ।বিজেপি-শিৱসেনা শিবিৰত মোক্ষম আঘাত।১০ হাজাৰ ভোটত হাৰিল বিজেপি প্ৰাৰ্থী।মহাৰাষ্ট্ৰৰ কাচবা সমষ্টিত হাৰিল বিজেপি।কংগ্ৰেছ প্ৰাৰ্থী ৰবিন্দৰ ধানগেকাৰৰ জয়লাভ।ৰবিন্দৰে পৰাস্ত কৰে বিজেপি প্ৰাৰ্থী হেমন্ত ৰাচানেক।কাচবা সমষ্টিৰ উপ নিৰ্বাচন আছিল বিজেপি আৰু সিন্দেৰ বাবে এক সন্মানৰ যুঁজ।বিজেপিৰ প্ৰায় সকলো নেতাই এই সমষ্টিটোত প্ৰচাৰ অভিযান চলাইছিল।ঘাইকৈ হিন্দুত্বক মূল ইছ্যু হিচাপে লৈছিল বিজেপিয়ে।ৰাজ থাকৰে নেতৃত্বাাধীন মহাৰাষ্ট্ৰ নবনিৰ্মাণ সেনায়ো সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছিল বিজেপিৰ প্ৰাৰ্থী গৰাকীক।বিগত ২৬ ফেব্ৰুৱাৰীত সমষ্টিটোত উপনিৰ্বাচন অনুষ্ঠিত হৈছিল।বিজেপি বিধায়ক মুক্তা তিলকৰ মৃত্যুৰ বাবে সমষ্টিটোত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছিল।




