বিজেপিক বাই বাই দিব ত্ৰিপুৰীয়ে !

Share This Article

বিধানসভা নিৰ্বাচনৰ আগতে ত্ৰিপুৰাত আৰম্ভ হৈছে নতুন ৰাজনৈতিক সমীকৰণ ।আৰম্ভ হৈছে কংগ্ৰেছ আৰু বাওঁ দলৰ মাজত নতুন ৰাজনৈতিক সমীকৰণ !আনহাতে শাসক দল বিজেপিও এইক্ষেত্ৰত বহি থকা নাই।ৰাজ্যখনৰ মুঠ ৫ টা বিৰোধী দলৰ লগতে চিপিএম আৰু কংগ্ৰেছে ৰাজ্যখনৰ জনতাক ঐক্যবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধে ওলাই আহিবলৈ আহ্বান জনাইছে।অৱশ্যে ঐক্যবদ্ধ বিৰোধীৰ এই ধাৰণাটোক পোনচাটেই নাকচ কৰিছে বিজেপিয়ে।বিজেপিৰ মতে এইটো একেবাৰে ‘ নাকচ কৰিবলগীয়া সিন্ধান্ত ।’কংগ্ৰেছ আৰু চিপিআই(এম)ৰ মৰ্চা সম্পৰ্কত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক ছাহাই কয় ‘ পশ্চিম বংগৰ দৰেই ত্ৰিপুৰাতো জনতাই এই মৰ্চাক নাকচ কৰিব।জনজাতীয় স্বায়ত্ত্বশাসিত পৰিষদ আৰু নগৰপালিকা নিৰ্বাচনত দুয়োটা দলেই খুব শোচনীয় ফলাফল দেখুৱাইছিল।আৰু দল দুটাই তেনে ফলাফলেই লাভ কৰিব বিধানসভাৰ নিৰ্বাচনত।”আনহাতে, এআইচিচিৰ ইনচাৰ্জ অজয় কুমাৰে নিৰ্বাচনৰ পূৰ্বেই এই মিত্ৰতা সম্পন্ন হোৱাৰ ইংগিত দিছে।অজয় কুমাৰে কয় “ আমি ফেচিষ্ট শক্তিৰ বিৰুদ্ধে যুঁজ দিব লাগিব।ত্ৰিপুৰাৰ জনতাই এই শক্তিৰ বিৰুদ্ধে যুঁজ দিব লাগিব।বিজেপি-আৰএছএছে কংগ্ৰেছৰ অতীত তথা দলটোৰ অৱদান মচি পেলাব খুজিছে।তেওঁলোকৰ সৰহসংখ্যকেই নৰেন্দ্ৰ মোডীক ৰাষ্ট্ৰীয় পিতা আখ্যা দিয়ে।আন কিছুমানে আকৌ মোহন ভাগৱতক ৰাষ্ট্ৰীয় পিতা আখ্যা দিয়ে৷বিজেপিৰ কেইবাজনো পিতৃ আছে আমাৰ কিন্তু পিতৃ এজন৷আগন্তুক দিনত হয়তো তেওঁলোকে অমিত শ্বাহক আন এজন পিতৃ হিচাপে স্বীকৃতি দিব।”ত্ৰিপুৰাৰ চিপিআইএমৰ ৰাজ্যিক সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে কয় “ ত্ৰিপুৰাত বিগত ৫৮ মাহত সংবিধান বহুবাৰ অৱমাননা হৈছে।সেয়ে আমি নিৰ্বাচন আয়োগক শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাৰ এক পৰিৱেশ সৃষ্টি কৰিবলৈ অনুৰোধ কৰিছোঁ।”উল্লেখ্য যে ২০২৩ চনৰ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.