বিজেপিক চান্দা দিলে নিম্নমানৰ দলঙ নিৰ্মানৰ অনুমতি পায় নেকি ?

Share This Article

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই চান্দা সংস্কৃতিৰ বিৰুদ্ধে সৰৱ হৈ থকা সময়ত এই প্ৰশ্ন সজোৰে উত্থাপণ হৈছে ৷ বিজেপিক কৌটি টকীয়া চান্দা দিয়া ঠিকাদাৰে নিৰ্মান কৰা দলঙ উদ্বোধনৰ ৩ দিনৰ পাছতে বহি যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপণ হৈছে ৷
অসমীয়া প্ৰতিদিন কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰি অনুসৰি গোলাঘাটত নিৰ্মান কৰা এখন ৰেলৱে অভাৰব্ৰীজ মুকলি কৰাৰ তিনিদিনৰ ভিতৰতে বহি গৈছে ৷ যাৰ বাবে এই অভাৰব্ৰীজখন যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে ৷ যোৱা ৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই বিত্তমন্ত্ৰী অজন্তা নেওগ , কৃষিমন্ত্ৰী অতুল বৰা , স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত গোলাঘাট- ফৰকাটিঙ অভাৰব্ৰীজখনৰ শুভ উদ্বোধন কৰিছিল ৷ প্ৰায় ৪৬ কৌটি টকা ব্যয়েৰে ৬৭০ মিটাৰ অভাৰব্ৰীজখন নিৰ্মান কৰা হৈছিল ৷ এতিয়া এই অভাৰব্ৰীজখনেই বহি যোৱাৰ উপক্ৰম হৈছে ৷
দ্য ক্ৰছকাৰেন্টৰ হাতত পৰা তথ্য অনুসৰি গোলাঘাট – মেৰাপানী পথৰ ফৰকাটিঙ বাইপাছত ৰেলৱে অভাৰব্ৰীজখনৰ নিৰ্মানৰ ঠিকা লাভ কৰিছিল হাইটেক কনষ্ট্ৰাকছন নামৰ প্ৰতিষ্ঠানটোৱে ৷ ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰা ফলকতো এই তথ্য অতি স্পষ্টভাৱে উল্লেখ আছে ৷
এই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী হ’ল বি কে জৈন নামৰ এজন ঠিকাদাৰ ৷ যিজন ঠিকাদাৰে নিৰ্মান কৰা ফৰকাটিঙ উৰণীয়া সেতুখন উদ্বোধনৰ তিনিদিনৰ পাছতে বহি গৈছে ৷ ২০১৯- ২০ বৰ্ষত বিজেপিয়ে কোন ব্যক্তি আৰু কোন প্ৰতিষ্ঠানৰ পৰা কিমান ধন সংগ্ৰহ কৰিছে তাৰ তথ্য দাখিল কৰিছিল ভাৰতীয় নিৰ্বাচনী আয়োগক ৷ এই তথ্য অনুসৰি গুৱাহাটীৰ বি কে জৈন নামৰ এজন ব্যক্তিয়ে উক্ত বৰ্ষত বিজেপিক দিছিল ২ কৌটি টকাৰ চান্দা ৷ তেওৰ ঠিকনা তৃপ্তি টাৱাৰ , জি এছ ৰোড ৷ নিৰ্বাচন আয়োগৰ নথিত উল্লেখ থকা অনুসৰি বি কে জৈনৰ পান নম্বৰ হ’ল AADFH5351C ৷
ইয়াৰ সঠিক তথ্য পাবৰ বাবে আমি সহায় ল’লো গুড এণ্ড চাৰ্ভিছ টেক্স অৰ্থাৎ জি এছ টিৰ ৱেবচাইটলৈ ৷ জি এছ টি ৱেবছাইটত আমি দাখিল কৰিলো বি জে পিক চান্দা দিয়া বি কে জৈনৰ পান নম্বৰ ৷ পান নম্বৰ AADFH5351C ৰ গৰাকীৰ বিষয়ে চাৰ্চ কৰাৰ লগে লগে জি এছ টি ৱেবছাইটত পোৱা গ’ল যে এই পান নম্বৰটোৱে হৈছে মেচাৰ্চ হাইটেক কনষ্ট্ৰাকছনৰো পান নম্বৰ ৷ অৰ্থাৎ এতিয়া আৰু কাৰোৱে বুজিবলৈ বাকী নাথাকিল যে বিজেপিক ২ কৌটি টকাৰ চান্দা দিয়া বি কে জৈনৰ প্ৰতিষ্ঠান মেচাৰ্চ হাইটেক কনষ্ট্ৰাকশ্যনেই ফৰকাটিঙৰ ৰেলৱে অভাৰব্ৰীজ নিৰ্মানৰ ঠিকাও লাভ কৰিছে ৷ অভাৰব্ৰীজৰ নিৰ্মানৰ মানদণ্ড অতি নিম্নমানৰ হোৱা বাবে উদ্বোধনৰ তিনিদিনৰ পাছতে অভাৰব্ৰীজখন যাতায়তৰ বাবে অনুপযোগী হৈ পৰিল ৷বিজেপিক ২ কৌটিৰ চান্দা দি হাইটেক কনষ্ট্ৰকছনৰ স্বত্বাধিকাৰী বি কে জৈনে লাভ কৰিলে ৪৫ কৌটি ৬৬ লাখ ২০ হাজাৰ টকাৰ ঠিকা ৷ তাতো নিম্নমানৰ কাম কৰি ঠিকাদাৰগৰাকীয়ে ব্যাপক মুনাফা লুটাৰ অভিযোগ উত্থাপণ হৈছে ৷

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.