বাহিৰত কেটেৰাজেঙেৰা ভিতৰি বিজেপিলৈ বেথা তৃণমূলৰ

মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে এক নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰাখিছে আন বিৰোধী দলৰ পৰা ।ঐক্যবদ্ধ বিৰোধীৰ লগত নাই তৃণমূল কংগ্ৰেছ।এই অভিযোগ কংগ্ৰেছ দলৰ।গৌতম আদানিৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত ঐক্যবদ্ধ বিৰোধীয়ে দাবী কৰি থকা JPC অৰ্থাৎ যুটীয়া সংসদীয় সমিতি গঠনৰ দাবীৰ প্ৰতিও কোনোধৰণৰ সঁহাৰি জনোৱা নাই তৃণমূল কংগ্ৰেছে।বিগত বুধবাৰে বিৰোধী দলবোৰে একত্ৰিত হৈ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ কাৰ্যালয়লৈ উলিওৱা প্ৰতিবাদী সমদলতো অংশগ্ৰহণ কৰাৰ পৰা বিৰত আছিল তৃণমূল কংগ্ৰেছ।আনহাতে,বৃহস্পতিবাৰে কংগ্ৰেছৰ নেতৃত্বত আন বিৰোধী দলৰ সাংসদসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৌতম আদানিৰ মাজৰ সম্পৰ্কৰ আঁত বিচাৰি এক মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰিছিল।তাতো অংশ লোৱা নাছিল তৃণমূল কংগ্ৰেছে।তৃণমূল কংগ্ৰেছৰ এই অসহযোগিতাৰ বাবেই কংগ্ৰেছ দলে তৃণমূল আৰু বিজেপিৰ মাজত এক সুসম্পৰ্ক বিচাৰি পাইছে।কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ জয়ৰাম ৰমেশে কয় ‘ এইটোৱেই একমাত্ৰ দল যিটোৰ লগত বিজেপিৰ এক গোপন বুজাবুজি আছে।সকলো দলেই যুটীয়া সংসদীয় সমিতি গঠন হোৱাতো বিচাৰিছে কিন্তু তৃণমূল কংগ্ৰেছে এই দাবী জনোৱাৰ পৰা বিৰত আছে।সকলো দলেই এটা কথাত একমত যে দেশত বৰ্তমান জৰুৰী অৱস্থা ঘোষণাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে৷কিন্তু তৃণমূল কংগ্ৰেছৰ এই ক্ষেত্ৰত ভূমিকা একেবাৰে দুৰ্বল৷সেইটো বাৰে বাৰে প্ৰতিপন্ন হৈছে।’কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে তৃণমূল কংগ্ৰেছে বিৰোধী শিবিৰক প্ৰতাৰণা কৰিছে৷তৃণমূল কংগ্ৰেছে বিজেপিক ভয় কৰে৷তৃণমূল কংগ্ৰেছ ৰাজনৈতিকভাৱে ‘দেউলীয়া’ হৈছে।আনহাতে,তৃণমূলৰ ৰাজ্যসভাৰ সাংসদ ডিৰেক অ’ব্ৰেইনে কয় ‘ কংগ্ৰেছ নেতাসকলে কেৰালাত বাওঁদলৰ বিৰোধিতা কৰে।পশ্চিমবংগত দুয়োটা দলে হাতে হাত ধৰি যুঁজ দিয়ে।কিন্তু তৃণমূল কংগ্ৰেছৰ স্থান ভেদে ভিন্ন ৰূপ নহয়।কংগ্ৰেছে সদায়ে আমাৰ বিৰোধিতা কৰি আহিছে৷কংগ্ৰেছে আগতে নিজৰ স্থিতি সুস্থিৰ কৰাটো জৰুৰী।’

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296