‘বাজেটখন দেশৰ বাবে নহয়,দলৰ বাবেহে’

Share This Article

অমৃত কালৰ প্ৰথমখন বাজেট সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসেনা নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে।বুধবাৰে শিৱসেনাৰ নেত্ৰীগৰাকীয়ে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সমালোচনা কৰি কয় যে মহাৰাষ্ট্ৰই এই বাজেটত একোৱেই নাপালে৷তাৰ বিপৰীতে গুজৰাট আৰু কৰ্ণাটকে লাভ কৰিলে যথেষ্ট।’প্ৰিয়ংকা চতুৰ্বেদীয়ে কয় ‘উপহাৰৰ মহানগৰী হিচাপে খ্যাত চুৰাট মহানগৰখনে কেন্দ্ৰৰ পৰা যথেষ্টসংখ্যক উপহাৰ লাভ কৰিলে।’কংগ্ৰেছ নেতা কে চি বেণুগোপালে সীতাৰমণৰ বাজেটখনক কঠোৰ ভাষাৰে সমালোচনা কৰে৷এই বাজেটখনে মূল বিষয় যেনে মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যা সম্পৰ্কত কোনো পদক্ষেপেই নল’লে।তেওঁ কয় ‘মানুহৰ উপাৰ্জনেই নাই,তাত আৰু আয়কৰৰ কথা কৈ কি লাভ?’পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় ‘এই বাজেটখন নিজৰ সুবিধাৰ কাৰণে প্ৰস্তুত কৰা হৈছে।এইখন জনবিৰোধী আৰু দৰিদ্ৰৰ বাবে অভিশাপ।এই বাজেটে কোনো কাৰণতেই নিবনুৱাৰ সমস্যা সমাধান কৰিব নোৱাৰে৷২০২৪ চনৰ নিৰ্বাচনক আগত ৰাখি প্ৰস্তুত কৰা হৈছে এই বাজেট।’বহুজন সমাজবাদীৰ নেত্ৰী মায়াৱতীয়ে কয় যে এইখন দেশৰ বাবে নহয় দলৰ বাবে প্ৰস্তুত কৰা বাজেটহে।হিন্দীত কৰা টুইটটোত মায়াৱতীয়ে লিখিছে ‘ বিগত ৯ টা বছৰৰ দৰে ঘোষণা,প্ৰতিশ্ৰুতি,আশা সিঁচি যিদৰে বাজেটবোৰ প্ৰস্তুত কৰা হৈছিল,ঠিক সেইদৰে এইবাৰো বাজেটখন প্ৰস্তুত কৰা হ’ল।’কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ মতে দৰিদ্ৰ সকলে পুনৰ প্ৰতিশ্ৰুতি লাভ কৰিলে।বাজেটখনে কেৱল বৃহৎ উদ্যোগীকহে সহায় কৰিব৷মূল্যবৃদ্ধি আৰু মুদ্ৰাস্ফীতিয়ে জুৰুলা কৰা সময়ত ৭ লাখ টকা উপাৰ্জন কৰা সকললৈ কৰ ৰেহাই দি কি লাভ হ’ব?’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.