সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পৰীক্ষা আহিল, শিক্ষাৰ্থীৰ লগত বহিল প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত অংশগ্ৰহণ কৰে।দিল্লীৰ তালকোটৰা ষ্টেডিয়ামত এই অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷দুঘণ্টীয়া অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছাত্ৰছাত্ৰীৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়ে প্ৰধানমন্ত্ৰীয়ে।প্ৰধানমন্ত্ৰীয়ে সাম্ভাৱ্য যিকোনো পৰিস্থিতিৰ মোকাবিলা কেনেকৈ কৰিব লাগে তাৰ বৰ্ণনা দিবলৈ গৈ কেইবাটাও উদাহৰণ দাঙি ধৰে৷মাকে ঘৰ পৰিচালনা কৰা,চিলাখনক চিলাৰ ৰচীৰে পৰিচালনা কৰা,ক্ৰিকেটৰ গুগলী আদি বিভিন্ন বিষয়ৰ উদাহৰণ দাঙি ধৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷পৰীক্ষাৰ সময়ত হোৱা মানসিক হেঁচা সম্পৰ্কত তেওঁক প্ৰশ্ন কৰাত তেওঁ কয় ‘পৰিয়ালৰ বাবে মানসিক চাপ নল’বা৷তোমালোকে কেতিয়াবা ক্ৰিকেট চাবলৈ গৈছা নে,যেতিয়া এজন বেটচমেন ফিল্ডলৈ আহে,তেতিয়া সকলোৱে চিঞৰে ৬ অথবা ৪ লাগে বুলি৷কিন্তু বেটচমেন জনে দৰ্শকৰ চিঞৰত ৬/৪ কোবাই জানো?যিমানেই দৰ্শকে নিচিঞৰক,বেটচমেন জনৰ লক্ষ্য সেই নিৰ্দিষ্ট বলটোতেই ।”পৰীক্ষা পে চৰ্চা’ৰ এইটো ষষ্ঠ সংস্কৰণ।এই অনুষ্ঠানটো সম্পৰ্কত প্ৰায় ২০ লাখ লোকে আগতীয়াকৈ জানিব বিচাৰিছিল।

Leave A Reply

Your email address will not be published.