পৰীক্ষা আহিল, শিক্ষাৰ্থীৰ লগত বহিল প্ৰধানমন্ত্ৰী

Share This Article

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত অংশগ্ৰহণ কৰে।দিল্লীৰ তালকোটৰা ষ্টেডিয়ামত এই অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷দুঘণ্টীয়া অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছাত্ৰছাত্ৰীৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়ে প্ৰধানমন্ত্ৰীয়ে।প্ৰধানমন্ত্ৰীয়ে সাম্ভাৱ্য যিকোনো পৰিস্থিতিৰ মোকাবিলা কেনেকৈ কৰিব লাগে তাৰ বৰ্ণনা দিবলৈ গৈ কেইবাটাও উদাহৰণ দাঙি ধৰে৷মাকে ঘৰ পৰিচালনা কৰা,চিলাখনক চিলাৰ ৰচীৰে পৰিচালনা কৰা,ক্ৰিকেটৰ গুগলী আদি বিভিন্ন বিষয়ৰ উদাহৰণ দাঙি ধৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷পৰীক্ষাৰ সময়ত হোৱা মানসিক হেঁচা সম্পৰ্কত তেওঁক প্ৰশ্ন কৰাত তেওঁ কয় ‘পৰিয়ালৰ বাবে মানসিক চাপ নল’বা৷তোমালোকে কেতিয়াবা ক্ৰিকেট চাবলৈ গৈছা নে,যেতিয়া এজন বেটচমেন ফিল্ডলৈ আহে,তেতিয়া সকলোৱে চিঞৰে ৬ অথবা ৪ লাগে বুলি৷কিন্তু বেটচমেন জনে দৰ্শকৰ চিঞৰত ৬/৪ কোবাই জানো?যিমানেই দৰ্শকে নিচিঞৰক,বেটচমেন জনৰ লক্ষ্য সেই নিৰ্দিষ্ট বলটোতেই ।”পৰীক্ষা পে চৰ্চা’ৰ এইটো ষষ্ঠ সংস্কৰণ।এই অনুষ্ঠানটো সম্পৰ্কত প্ৰায় ২০ লাখ লোকে আগতীয়াকৈ জানিব বিচাৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.