পৰিয়ালৰ মাজতেই প্ৰতিদ্বন্দীতা৷ কংগ্ৰেছী শহুৰ বিৰুদ্ধে বিজেপিৰ হৈ প্ৰার্থীত্ব বোৱাৰীৰ৷

Share This Article

একেটা পৰিয়ালতে একেটা সমষ্টিতে পৃথক পৃথক প্ৰার্থী কংগ্ৰেছ বিজেপিৰ
পুত্ৰ বিজেপি মন্ত্ৰী৷পিতৃ কংগ্ৰেছৰ প্ৰার্থী৷শহোৰৰ বিৰুদ্ধে বিজেপিৰ হৈ প্ৰার্থী বোৱাৰী৷কংগ্ৰেছৰ সততে এটা বদনাম আছে,সেইয়া হৈছে পৰিয়ালতন্ত্ৰ৷কিন্তু একেই বদনামত এইবাৰ সাঙুৰ খাইছে এইবাৰ বিজেপিৰো নাম৷আমি কবলৈ ওলাইছো গোৱাৰ কথা৷সমাগত গোৱা নির্বাচন৷গোৱা নির্বাচনৰ ৩৫ শতাংশ আসনৰে প্ৰার্থী মাত্ৰ ৭ টা পৰিয়ালৰ৷

গোৱাৰ বর্তমানৰ স্বাস্থ্যমন্ত্ৰী বিশ্বজিত ৰানে৷বিশ্বজিত ৰানেক বিজেপিয়ে এইবাৰ টিকট দিছে ভালপৈ সমষ্টিৰ পৰা৷বিশ্বজিত ৰানে আকৌ গোৱাৰ প্ৰাক্তন কংগ্ৰেছ মুখ্যমন্ত্ৰী প্ৰতাপসিঙ ৰানেৰ পুত্ৰ৷প্ৰতাপসিঙ ৰানে ১১ বাৰকৈ বিধায়ক হৈছিল পৰিয়েম সমষ্টিৰ পৰা৷এইবাৰো কংগ্ৰেছে প্ৰতাপসিঙ ৰানেক টিকট দিছিল পৰিয়েম সমষ্টিৰ পৰা৷কিন্তু সেই সময়তে বিজেপিয়ে পৰিয়েম সমষ্টিৰ পৰা প্ৰার্থীত্ব প্ৰদান কৰিলে প্ৰতাপসিঙৰ বোৱাৰী তথা বিশ্বজিত ৰানেৰ পত্নী দিব্যাক৷বিশ্বজিত ৰানেৰ বক্তব্য-মোৰ দেউতা প্ৰতাপসিঙ ৰানেৰ এতিয়া ৮২ বছৰ৷মোৰ আদর্শ ব্যক্তিজনে সময় অনুসৰি ৰাজনীতিৰ পৰা বিদায় লব বুলি মই আশাবদী৷অন্যাথা পৰিয়েম সমষ্টিৰ পৰা মই নিজেই প্ৰার্থীত্ব প্ৰদান কৰিম৷পুত্ৰ বিশ্বজিত ৰানেই পৰিয়েম সমষ্টিৰ পৰা প্ৰার্থীত্ব প্ৰদান নকৰিলেও অৱশেষত মনোনয়ন দাখিলৰ অন্তিমদিনা সেই সমষ্টিৰ পৰা প্ৰার্থীত্ব প্ৰদান কৰিলে পত্নী দিব্যাই৷অর্থাৎ এটা পৰিয়ালৰ পৰাই গোৱা নির্বাচনত যুজত নামিল তিনি ব্যক্তি৷

বিজেপিৰ আন এগৰাকী মন্ত্ৰী পৰিয়ালৰ কাহিনী৷নাম জেনিফাৰ মনচিৰেট৷জেনিফাৰ তেলিগাও সমষ্টিৰ প্ৰার্থী৷কিন্তু সমান্তৰালভাবে বিজেপিয়ে এইবাৰ প্ৰার্থীত্ব প্ৰদান কৰিছে তেখেতৰ স্বামী আটনচিঅ’ মনচিৰেট ওৰফে বাবুশক৷বাউবশক প্ৰার্থীত্ব প্ৰদান কৰা হৈছে মানজিম সমষ্টিৰ পৰা৷

গোৱাৰ উপ মুখ্যমন্ত্ৰী চন্দ্ৰকান্ত বাবু কাবেলকাৰ৷কাবেলকাৰে বিজেপিৰ টিকট লাভ কৰিলে যদিও,প্ৰর্থীত্বৰ দাবীদাৰ হৈও টিকট নাপালে তেখেতৰ পত্নী সাবিত্ৰীয়ে৷বিজেপিৰ প্ৰার্থী তালিকা প্ৰকাশৰ পিছতেই গোৱা বিজেপিৰ মহিলা মর্চাৰ সভানেত্ৰী পদৰ পৰা পদত্যাগ কৰি সম্বোধন কৰে এখন সংবাদমেল৷সাবিত্ৰীৰ অভিযোগ,বিজেপিয়ে আশ্বাস প্ৰদান কৰিও , প্ৰদান নকৰিলে প্ৰার্থীত্ব৷যদি তেলিগাও আৰু পৰিয়েমত বিজেপি নেতাৰ পত্নীয়ে টিকট লাভ কৰে,মই কিয় লাভ নকৰো?মই প্ৰতাৰিত হৈছো৷অৱশেষত নির্দলীয় প্ৰার্থী হিচাপে প্ৰার্থীত্ব প্ৰদান কৰিলে গোৱাৰ বিজেপি চৰকাৰৰ উপ মুখ্যমন্ত্ৰী গৰাকীৰ পত্নীয়ে৷

এইয়া আছিল বিজেপিৰ কাহিনী৷এতিয়া শুনক তৃণমুল কংগ্ৰেছৰ আখ্যাণ৷প্ৰাক্তন এনচিপি নেতা চুৰচিল আলেমাওক তৃণমূল কংগ্ৰেছে প্ৰার্থীত্ব প্ৰদান কৰিছে বিউলিম সমষ্টিৰ পৰা৷তাৰবিপৰীতে দলটোয়ে তেখেতৰ পত্নী বালংকা আলেমাওক প্ৰার্থীত্ব প্ৰদান কৰিছে নবলিম সমষ্টিৰ পৰা৷এই সন্দর্ভত চুৰচিল আলেমাওয়ে সংবাদ মাধ্যমৰ আগতো প্ৰদান কৰিছে এটা গুৰুত্বপূর্ণ মন্তব্য৷পতি-পত্নী দুয়োয়ে প্ৰার্থীত্ব লাভ কৰা সন্দর্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত আলেমাওৰ উত্তৰ-এই প্ৰশ্ন কেৱল ৰাজনীতিকক সোধে কিয়?ডাক্তৰ,ইঞ্জিনিয়াৰৰ পতি,পত্নী , সন্তানেও একেই পেচা ললে প্ৰশ্ন নকৰে কিয়?
একদৰে তৃণমূল কংগ্ৰেছে আলদনা সমষ্টিৰ পৰা কিৰন কান্দলকাৰক প্ৰার্থীত্ব প্ৰদান কৰাৰ বিপৰীতে তেখেতৰ পত্নী কবিতাক প্ৰার্থীত্ব প্ৰদান কৰিছে থিভিম সমষ্টিৰ পৰা৷একেদৰে কংগ্ৰেছেও বিজেপিৰ পৰা পদত্যাগ কৰা মিচেল ল’ব’ক প্ৰার্থীত্ব প্ৰদান কৰাৰ ওপৰিও,প্ৰার্থীত্ব প্ৰদান কৰিছে তেখেতৰ পত্নীকো৷

এইয়া মাত্ৰ উদাহৰনহে৷৪০ খন আসনৰ গোৱাত ১৪ জন প্ৰার্থীয়েই এইবাৰ ৭ টা প্ৰভাবশালী পৰিয়ালৰ৷অর্থাৎ ৩৫ শতাংশ প্ৰার্থীয়েই আহিছে মাত্ৰ ৭ টা পৰিয়ালৰ পৰা৷গোৱাৰ ৰাজনৈতিক ইতিহাসত পৰিয়াল তান্ত্ৰিক ধাৰা এইয়াই প্ৰথম নহয়৷১৯৬০ ৰ দশকতেই গোৱাত আৰম্ভ হৈছিল এই ধাৰা৷গোৱাৰ প্ৰথম মুখ্যমন্ত্ৰী ভাওচাহেব বন্দ’দকাৰে প্ৰথমবাৰলৈ তেখেতৰ জীয়ৰী শাশীকলা কাকদকাৰক লৈ আহিছিল সক্ৰিয় ৰাজনীতিলৈ৷ইয়াৰ পিছতেই শাশীকলা গোৱাৰ দিতীয় মুখ্যমন্ত্ৰী হিচাপে নির্বাচিত হৈছিল৷২০১৭ চনৰ নির্বাচনত কংগ্ৰেছেও প্ৰতাপসিং ৰানে,চন্দ্ৰকান্ত বাবু,আৰু মনচিৰেটৰ পৰিয়ালৰ দুজনকৈ লোকক প্ৰার্থীত্ব প্ৰদান কৰিছিল৷গোৱাৰ এই পৰিয়ালকেন্দ্ৰীক ৰাজনীতিক লৈ বিশিষ্ট সাংবাদিক আৰু লেখক সন্দেশ প্ৰভুদেশাই এখন গ্ৰন্থত সৱিশেষ লিখিছে৷সময় পালে গ্ৰন্থখন আপুনিও পঢ়িব পাৰে৷গ্ৰন্থৰ নাম,অজব গোৱা’চ গজব পলিটিক্স৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.