প্ৰেম বিলোৱাই বিৰোধীৰ লক্ষ্য

Share This Article

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে অখিলেশ যাদৱেই হওক বা মায়াৱতীয়েই হওক সকলোৱে দেশত প্ৰেমেই বিলাব খুজিছে৷সকলোৰে স্থিতি ঘৃণাৰ বিৰুদ্ধেই৷কেৱল বিজেপিয়েহে ঘৃণা বিয়পাই আহিছে।কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় “ ঘৃণা আৰু প্ৰেম দুয়োটাই বিপৰীত৷কিন্তু গৰিষ্ঠসংখ্যকেই প্ৰেমেই বিলাব বিচাৰে৷মই জানো যে অখিলেশজী অথবা মায়াৱতীজীয়ে ঘৃণা নিবিচাৰে৷সেই সম্পৰ্কত আমিবোৰ একমত।”সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱে অলপতে ভাৰত জোড়ো যাত্ৰাত অংশ নলয় বুলি উল্লেখ কৰি কৈছিল যে কংগ্ৰেছ আৰু বিজেপি একেই।সেই সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰে এনেদৰে কয় ৰাহুল গান্ধীয়ে।আনহাতে,ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা সম্পৰ্কত সংবাদমেল সম্বোধন কৰি লগতে কয় যে চৰকাৰে তেওঁক বুলেট প্ৰুফ গাড়ীত এই যাত্ৰা অব্যাহত ৰাখিবলৈ কৈছে।ৰাহুল গান্ধীয়ে ২০২০ চনৰ পৰা ১১৩ বাৰ নিৰাপত্তাৰ প্ৰট’কল ভংগ কৰা সম্পৰ্কত CRPF এ তোলা অভিযোগ সম্পৰ্কত তেওঁ কয়
“ কিন্তু এইটো সম্ভৱ হ’ব পাৰে জানো?মই এইটো মোৰ বিৰুদ্ধে এক সজাই লোৱা গোচৰ বুলিহে ভাবোঁ।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.