সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰাৰ্থী দিলে কিন্তু খাতাই খোল নাখালে আপৰ !

কৰ্ণাটক বিধানসভা নিৰ্বাচনত শাসকীয় বিজেপিক শোচনীয়ভাৱে পৰাভূত কৰি শাসনত বহিল কংগ্ৰেছ। শনিবাৰে ঘোষিত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছে ১৩৫ খন আসনত বিজয়ী হৈ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি দেশবাসীৰ দৃষ্টি নিবদ্ধ আছিল। অতিকৈ আকৰ্ষণীয় এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টীয়ে। কৰ্ণাটক বিধানসভাৰ ২২৪ খন আসনৰ ভিতৰত আম আদমি পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল ২০৯খন আসনত। সাংগঠনিক ভেটি সবল নোহোৱা আম আদমি পাৰ্টিয়ে ২০৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাই ৰাজনৈতিক বিশ্লেষকসকলক আচৰিত কৰি তুলিছিল। কিন্তু তাৰ ফল পালে আম আদমি পাৰ্টীয়ে।কিয়নো নিৰ্বাচনটোত আম আদমি পাৰ্টিৰ এগৰাকীও প্ৰাৰ্থীয়ে বিজয়ৰ মুখ নেদেখিলে৷ দলটোৱে কৰ্ণাটক বিধানসভা নিৰ্বাচনটোত লাভ কৰা ভোটৰ হাৰ হ’ল—০.৫৮ শতাংশ।আপুনি জানি আচৰিত হ’ব যে আম আদমি পাৰ্টিৰ এই ভোটৰ হাৰ ন’টাত দিয়া ভোটৰ হাৰতকৈও কম। কৰ্ণাটক বিধানসভা নিৰ্বাচনত  NOTAৰ ভোটৰ হাৰ ০.৬৯ শতাংশ।আৰু দলটোৰ প্ৰাৰ্থীসকলে লাভ কৰা মুঠ ভোটৰ সংখ্যা হ’ল প্ৰায় —২.২৫ লাখ।এই ভোটৰ সংখ্যাৰ পৰাই গম পোৱা যায় যে কৰ্ণাটকত আম আদমি পাৰ্টিৰ ভেটি সবল নহয়। ইমানেই নহয় নিৰ্বাচনটোত আম আদমি পাৰ্টিৰ প্ৰতিগৰাকী প্ৰাৰ্থীৰ জব্দ হ’ব আমানতৰ ধন।উল্লেখ্য যোৱা গুজৰাট বিধানসভা নিৰ্বাচনতো আম আদমি পাৰ্টিয়ে বাৰুকৈয়ে মুখথেকেঁচা খাইছিল।১৮২ জনীয়া গুজৰাট বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল ১৮০ খন আসনত। আৰু বিজয়ী হয় মাত্ৰ ৬খন আসনত। এইটো নিৰ্বাচনত দলটোৰ ভোটৰ হাৰ আছিল ১২.৯১ শতাংশ। এনে শোচনীয় প্ৰদৰ্শনৰ পাছতে আম আদমি পাৰ্টিয়ে ভোট বিভাজন কৰি বিজেপিক সহায় কৰিবৰ বাবেই গুজৰাট বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল। এতিয়াও কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে দলটোৰ বিৰুদ্ধে একেই অভিযোগ উত্থাপন হৈছে। দিল্লী আৰু পঞ্জাৱত চৰকাৰ থকা আম আদমি পাৰ্টিয়ে অলপতে ৰাষ্ট্ৰীয় দলৰো স্বীকৃতি পাইছে। তাৰ পাছতে দলটোৱে কৰ্ণাটক বিধানসডা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। আৰু ফলাফল কি হ’ল সকলোৱে দেখিলে। এনে প্ৰেক্ষাপটত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰসংগইও স্থান পাইছে। কংগ্ৰেছ সহ কেইবাটাও বিৰোধী দলে বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ ঐক্যবদ্ধ বিৰোধীৰ কথা কৈ আহিছে আৰু হাতেকামে লাগিছেও। কিন্তু আম আদমি পাৰ্টিৰ ভূমিকাক লৈ উত্থাপন হৈছে প্ৰশ্ন।গুজৰাট আৰু কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ দৰেই ২০২৪ চনৰ লোকসভা নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰি আম আদমি পাৰ্টিয়ে বিজেপিক সহায় কৰিব নেকি? অৱশ্যে ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব কিছু সময়। কিন্তু দেশবাসীৰ দৃষ্টি নিবদ্ধ থাকিব আম আদমি পাৰ্টিৰ ওপৰত।

Leave A Reply

Your email address will not be published.