প্ৰস্ৰাৱ কৰি নিষিদ্ধ যাত্ৰী !

Share This Article

এয়াৰ ইণ্ডিয়াৰ এখন বিমানত বিগত ২০২২ চনৰ ২৬ নবেম্বৰত সংঘটিত হৈছিল এই ঘটনা।এজন সুৰাপায়ী লোকে এগৰাকী মহিলা যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল আৰু যাত্ৰীগৰাকীয়ে এই বিষয়ত আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে।
সেইদিনা বিমানখন আমেৰিকাৰ জন এফ কেনেডী বিমান বন্দৰৰ পৰা নতুন দিল্লীলৈ আহি আছিল।এয়াৰ ইণ্ডিয়াৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি পুৰুষ যাত্ৰী জনৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লোৱাৰ চিন্তাচৰ্চা চলাইছে সংস্থাটোৱে।
মহিলা যাত্ৰীগৰাকীয়ে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনলৈ অভিযোগ সন্দৰ্ভত লিখি প্ৰেৰণ কৰা এক পত্ৰ শেহতীয়াকৈ ‘টাইমচ অব ইণ্ডিয়া’ কাকতত প্ৰকাশ পাইছিল।দুপৰীয়া আহাৰ গ্ৰহণৰ পিছত বিমানখনৰ লাইটবোৰ অফ কৰিছিল আৰু সেই সময়তে পুৰুষ যাত্ৰীগৰাকী মহিলাগৰাকীৰ ফালে গৈ প্ৰস্ৰাব কৰি দিছিল ।মহিলাগৰাকী আৰু বিমানখনৰ সহযাত্ৰীয়ে জনোৱা মতে পুৰুষজন সম্পূৰ্ণ সুৰাসক্ত আছিল ।ইতিমধ্যে এয়াৰ ইণ্ডিয়াই যাত্ৰীগৰাকীক ৩০ দিনৰ বাবে নিষিদ্ধ কৰিছে।এয়াৰ ইণ্ডিয়াৰ সূত্ৰই জনোৱা মতে ” আমি আমাৰ ক্ৰিউৰ সেই সময়ৰ সক্ৰিয়তাৰ বিষয়টো চোৱাচিতা কৰিবলৈ এখন সমিতি গঠন কৰি দিছোঁ৷আমি মহিলা যাত্ৰীগৰাকীৰ লগত সদায় যোগাযোগত আছোঁ।আমি এই সমগ্ৰ ঘটনা সম্পৰ্কত শীঘ্ৰেই এক কঠোৰ সিন্ধান্ত ল’ম।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.