প্ৰশান্ত ভূষণক তেওঁ কৰা আপত্তিজনক মন্তব্য পুনৰ বিচাৰ কৰিবলৈ ২-৩ দিনৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

আজি উচ্চতম ন্যায়ালয়ে আইনজীৱি তথা মানৱ অধিকাৰ কৰ্মী প্ৰশান্ত ভূষণৰ আদালত অৱমাননাৰ(Contempt of Court) গোচৰৰ শুনানিত প্ৰশান্ত ভূষণক তেওঁ কৰা আপত্তিজনক মন্তব্য পুনৰ বিচাৰ কৰিবলৈ ২-৩ দিনৰ সময় দিয়ে।

ন্যায়াধীশ অৰুণ মিশ্ৰাৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ তিনি জনীয়া বিচাৰপীঠে দিয়া এই শুনানিত কয় যে যদি ভূষণৰ তেওঁ কৰা ভুলৰ অনুধাৱন হয় তেতিয়া ন্যায়ালয়েও শাস্তিৰ ক্ষেত্ৰত কঠোৰ নহয়।

উল্লেখযোগ্য যে প্ৰশান্ত ভূষণৰ বিৰুদ্ধে তেওঁ কৰা দুটা টুইটৰ বাবে আদালতৰ অৱমাননা কৰাৰ এই গোচৰ চলি আছিল। যোৱা ১৪ আগষ্টৰ শুনানিত ন্যায়ালয়ে তেওঁক দোষী সাব্যস্ত কৰে আৰু আজি তেওঁৰ শাস্তিৰ শুনানি আছিল।

কিন্তু ভূষণে ন্যায়ালয়ক ১৪ আগষ্টৰ ন্যায়ালয়ৰ শুনানিৰ পুনৰ বিবেচনাৰ আবেদন কৰা বাবে উচ্চতম ন্যায়ালয়ে আজি জনায় যে তেওঁৰ এই পুনৰ বিবেচনাৰ আবেদন সম্পৰ্কে কোনো সিদ্ধান্ত নহা পৰ্যন্ত ন্যায়ালয়ে তেওঁৰ শাস্তি ঘোষণা নকৰে।

উল্লেখযোগ্য যে পূৰ্বতে প্ৰশান্ত ভূষণে তেওঁ টুইটাৰত কৰা মন্তব্যৰ বাবে ক্ষমা বিচাৰিবলৈ ৰাজী নাছিল। গতিকে আজি ন্যায়ালয়ে প্ৰশান্ত ভূষণক তেওঁৰ পূৰ্বৰ এই স্থিতি সলনি কৰিবলৈ পৰামৰ্শ দিয়ে।

অৱশ্যে ভূষণে নিজৰ অধিবক্তাৰ লগত বিবেচনা কৰিহে আজি ন্যায়ালয়ে তেওঁক দিয়া পৰামৰ্শ সম্পৰ্কে চিন্তা চর্চা কৰিব বুলি ন্যায়ালয়ক জনায়।

ইয়াৰ লগতে আজি ন্যায়ালয়ে প্ৰশান্ত ভূষণৰ অধিবক্তাই শাস্তিৰ পৰিমাণ নিৰ্ধাৰণৰ ক্ষেত্ৰত আন এখন বিচাৰপীঠত শুনানিৰ বাবে কৰা আবেদন ন্যায়ালয়ে খৰিজ কৰে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296