প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত আসোঁৱাহ

Share This Article

ৰাজস্থানৰ দৌচাত বৃহস্পতিবাৰে প্ৰায় ১০০০ কিলোগ্ৰামতকৈয়ো অধিক বিস্ফোৰক উদ্ধাৰ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে৷উদ্বিগ্ন হৈছে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তা বিষয়াসকল।অহা ১২ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দৌচাত উপস্থিত হোৱাৰ কথা।দিল্লী-মুম্বাই এক্সপ্ৰেছ ৱে উদ্বোধনৰ বাবে দৌচালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।প্ৰধানমন্ত্ৰী ভ্ৰমণৰ বাবে নিৰাপত্তাৰ দিশটো চোৱাচিতাৰ দায়িত্বত থকা আৰক্ষীয়ে বৃহস্পতিবাৰে তালাচীৰ সময়ত উদ্ধাৰ কৰে প্ৰায় ১০০০ কিলোগ্ৰাম বিস্ফোৰক,৬৫ টা ডিট’নেটৰ,১৩ডাল ৱায়াৰ।দৌচাৰ ভানকাৰী পথত তালাচীৰ সময়ত ৰাজেশ মীনা নামৰ ব্যক্তিজনৰ পৰা এই বিস্ফোৰক সামগ্ৰীখিনি জব্দ কৰা হয়।আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১২ফেব্ৰুৱাৰীত এই এক্সপ্ৰেছ হাইৱে উদ্বোধন কৰিবলৈ দৌচাত উপস্থিত হোৱাৰ কথা। এই এক্সপ্ৰেছ হাইৱেটোত ১২টা উপপথ থাকিব।১২০ কিলোমিটাৰ বেগত এই এক্সপ্ৰেছ হাইৱেত গাড়ী চলাব পৰা যাব।দিল্লী-মুম্বাই কৰিডৰ সম্পূৰ্ণ হোৱাৰ পিছত এই দূৰত্ব অতিক্ৰম কৰিবলৈ মাত্ৰ ১২ঘণ্টা সময়ৰ প্ৰয়োজন হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.