প্ৰধানমন্ত্ৰীক সমালোচনা,ব্যৱস্থা গ্ৰহণৰ দাবী বিজেপিৰ

Share This Article

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৌতম আদানিৰ সম্পৰ্কক লৈ মঙলবাৰে মুকলি সমালোচনা কৰিছিল ৰাহুল গান্ধীয়ে।কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে সদনত প্ৰধানমন্ত্ৰী মোডী আৰু আদানিৰ সম্পৰ্কক লৈ যথেষ্ট সৰৱ হৈছিল আৰু আদানিয়ে কেৱল ভাৰততে নহয়,বিশ্বৰ বিভিন্ন দেশত কাম পোৱাৰ ক্ষেত্ৰত চুপাৰিছ দিছিল মোডীয়ে বুলি অভিযোগ উত্থাপন কৰিছিল।কিন্তু ৰাহুল গান্ধীৰ এই অভিযোগবোৰৰ কোনো ভিত্তি নাই বুলি ৰাহুল গান্ধীক উভতি ধৰিছে বিজেপি দলে।বিজেপি সাংসদ নিশিকান্ত ডুবেৰ মতে এই অভিযোগবোৰ ভিত্তিহীন।এইবোৰৰ কোনো উপযুক্ত প্ৰমাণ নাই।বিজেপি সাংসদগৰাকীয়ে লিখিছে ‘ এই মন্তব্যবোৰে ভুল পথে পৰিচালিত কৰিব।এই মন্তব্যবোৰ সন্মান হানিকাৰক৷অসাংবিধানিক।প্ৰধানমন্ত্ৰী গৰাকী যিহেতু লোকসভাৰ সাংসদ গতিকে তেওঁৰ বিৰুদ্ধে অভিযোগবোৰ সদায় তথ্যসম্বলিত হোৱা উচিত।’আইন মন্ত্ৰী কিৰেন ৰিজিজুৱেও ৰাহুল গান্ধীক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে।ৰাহুল গান্ধীয়ে সদনত কেইখনমান আলোকচিত্ৰও প্ৰদৰ্শন কৰিছিল যদিও অধ্যক্ষই ইয়াক প্ৰদৰ্শনত বাধা আৰোপ কৰে।অধ্যক্ষ ওম বিৰলাই কয় ‘ আপুনি যদি সেই আলোকচিত্ৰ সমূহ দেখুৱায়,তেওঁলোকেও ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ লগত আদানিৰ আলোকচিত্ৰ প্ৰদৰ্শন কৰিব।”বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই ইতিমধ্যে লোকসভাৰ অধ্যক্ষলৈ এক পত্ৰ প্ৰেৰণ কৰিছে।পত্ৰৰ জৰিয়তে ৰাহুল গান্ধীৰ বিৰুদ্ধে এই ভুৱা অপবাদ জাপি দিয়াৰ অভিযোগ তুলি ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.