Investigative reporting with dedication.

‘দৰিদ্ৰৰ পকেট কাটি ধনীক সুৰক্ষিত কৰা বাজেট এইখন’-ঝাৰখাণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে বুধবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰা বাজেটক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে এনেদৰে।নতুন বাজেটখনে দৰিদ্ৰৰ পকেট কাটি ধনাঢ্যৰ পকেট মজবুত কৰাত গুৰুত্ব দিছে বুলি কয় মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে। জনজাতীয়,দলিত,পিচপৰা,কৃষক,যুৱক আৰু শ্ৰমিকৰ বাবে বাজেটখনত বিশেষ একো নাই বুলি কঠোৰ সমালোচনা কৰিছে ছোৰেণে। ঝাৰখাণ্ডে যদিও প্ৰতি কিলোমিটাৰ হিচাপত অধিক ৰাজহ ৰে’ল বিভাগক দি আহিছে,তথাপিও নতুন ৰে’ল লাইন বা ৰে’লৰ নতুন লাইনৰ পৰা বিশেষ সুবিধা লাভ কৰা নাই ঝাৰখাণ্ডে।
ছোৰেণে কয়“ নুন্যতম সমৰ্থিত মূল্য বৃদ্ধিৰ ক্ষেত্ৰত কোনো আলোচনা নহ’ল।মই ভাবোঁ কেন্দ্ৰীয় চৰকাৰে ভাবিছে যে কোনো সঠিক পদক্ষেপ অবিহনেই কৃষকৰ আয় দুগুণ হ’ব।শিক্ষা,স্বাস্থ্য,নিয়োগৰ ক্ষেত্ৰত কিবা বিশেষ পদক্ষেপ লোৱা হ’ব বুলি ভবা হৈছিল কিন্তু তাৰ বিপৰীতে স্বাস্থ্য আৰু শিক্ষা শিতানত বাজেট কৰ্তনহে কৰা হ’ল।সংস্থাপন,নিয়োগ,মুদ্ৰাস্ফীতি আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত বাজেটৰ নীৰৱতাই চিন্তাত পেলাইছে সাধাৰণ ভাৰতীয়ক।”আনহাতে কেন্দ্ৰই মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এম্পইমেণ্ট গেৰাণ্টী স্কীমৰ বাবে বাজেটত ধাৰ্য কৰা ধন ২১.৬৬ %হ্ৰাস কৰাৰ কথাও উল্লেখ কৰে ছোৰেণে।




