পোষ্টেল বেলটত বিজয়ী কংগ্ৰেছ ই ভি এমত হাৰে কিয় ?

Share This Article

ই ভি এমৰ ব্যৱহাৰক লৈ দেশজুৰি আকৌ আৰম্ভ হৈছে প্ৰবল বিতৰ্কৰ । ই ভি এমৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন তুলি বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া”ই বাৰম্বাৰ নিৰ্বাচন আয়োগৰ সাক্ষাৎ বিচাৰিছে যদিও বিৰোধীক সাক্ষাৎ কৰিবলৈ সন্মত নহয় নিৰ্বাচন আয়োগ । ই ভি এমক লৈ এতিয়াও গভীৰ বিশ্বাসী নিৰ্বাচন আয়োগ । তাৰ মাজত চি এছ ডি এছৰ অধ্যাপক , দেশৰ আগশাৰীৰ চেফ’লজিষ্ট সঞ্জয় কুমাৰে এক্সযোগে প্ৰকাশ কৰিছে কেতবোৰ অতি চাঞ্চল্যকৰ তথ্য । যি তথ্যত পোষ্টেল বেলটত কংগ্ৰেছৰ বিপুল বিজয়ৰ বিপৰীতে ই ভি এমত বিজেপিৰ বাজিমাৎ পৰিলক্ষিত হৈছে ।সঞ্জয় কুমাৰে প্ৰকাশ কৰা তথ্য অনুসৰি , ৰাজস্থান বিধানসভা নিৰ্বাচনত পোষ্টেল বেলটত কংগ্ৰেছে ৪৮ শতাংশ ভোট লাভ কৰি ১৩৭ খন আসনত অগ্ৰগতি লাভ কৰিছিল । পোষ্টেল বেলটত বিজেপিয়ে ৩৮ শতাংশ ভোট লাভ কৰি ৫৩ খন আসনত সীমিত হৈ পৰিছিল । কিন্তু ই ভি এমৰ ভোটগণনা আৰম্ভ হোৱাৰ লগে লগে ফলাফলে বিপৰীত গতি ল’বলৈ আৰম্ভ কৰে ৷ ই ভি এমৰ ভোটগণনাত কংগ্ৰেছে ৩৯ শতাংশ ভোট লাভ কৰি ৬৯ খন আসনত ক্ষান্ত থাকে। ইয়াৰ বিপৰীতে ই ভি এমৰ গণনাত বিজেপিয়ে ৪২ শতাংশ ভোট লাভ কৰি ১১৪ খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় । পোষ্টেল বেলট আৰু ই ভি এমৰ সামগ্ৰিক ফলাফলত বিজেপিয়ে ১১৫ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৬৯ খনহে আসন লাভ কৰিবলৈ সক্ষম হয়।সঞ্জয় কুমাৰে প্ৰকাশ কৰা মধ্যপ্ৰদেশ বিধানসভাৰ ফলাফল অনুসৰি , পোষ্টেল বেলটত কংগ্ৰেছে ৫৭ শতাংশ ভোট লাভ কৰি ২০০ খন আসনত অগ্ৰগতি লাভ কৰে ৷ আনহাতে পোষ্টেল বেলটত মধ্যপ্ৰদেশত বিজেপিয়ে ৩৬ শতাংশ ভোটেৰে ৩০ খন আসনত ক্ষান্ত থাকে । ই ভি এমৰ গণনাত দেখা গ’ল সম্পূৰ্ণ বিপৰীত ফলাফল । ই ভি এমৰ ভোটগণনা অনুসৰি , ৪০ শতাংশ ভোটেৰে কংগ্ৰেছ দলে ৬৪ খন আসনত ক্ষান্ত থকাৰ বিপৰীতে ৪৯ শতাংশ ভোট লাভ কৰি বিজেপিয়ে ১৬৫ খন আসনত অগ্ৰগতি লাভ কৰে । সামগ্ৰিক ফলাফলত কংগ্ৰেছে মধ্যপ্ৰদেশত মাত্ৰ ৬৬ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ১৬৩ খন আসন লাভ কৰিবলৈ সক্ষম হয় ।ইফালে চট্টিছগড় নিৰ্বাচনত পোষ্টেল বেলটত ৪৩ শতাংশ ভোট লাভ কৰি কংগ্ৰেছ দলে ৪১ খন আসনত অগ্ৰগতি লাভ কৰে । ইয়াৰ বিপৰীতে বিজপিয়ে পোষ্টেল বেলটত ৪৬ শতাংশ ভোট লাভ কৰি ৫৪ খন আসনত অগ্ৰগতি লাভ কৰে । ই ভি এমৰ ভোটগণনাত বিজেপিয়ে ৪৬ সতাংশ ভোটেৰে ৫৪ খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ ৪২ শতাংশ ভোটেৰে ৩৫ খন আসনত সীমিত হৈ পৰে । সামগ্ৰিক ফলাফলত কংগ্ৰেছে ৩৫ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৫৪ খন আসন লাভ কৰে ।চি এছ ডি এছৰ অধ্যাপক সঞ্জয় কুমাৰে প্ৰকাশ কৰা এই তথ্যই ই ভি এম বিতৰ্কক দিছে এক নতুন মাত্ৰা । নি:সন্দেহে পোষ্টেল বেলট আৰু ই ভি এমৰ ফলাফলৰ এই তাৰতম্যই অনেক নতুন প্ৰশ্ন উত্থাপণ কৰিব ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.