পুনৰ শনি লাগিল ‘বন্দে ভাৰত’ত

Share This Article

স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে জনসাধাৰণৰ সুবিধাৰ বাবে আৰম্ভ কৰিছিল বন্দে ভাৰত এক্সপ্ৰেছ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিছিল বাৰাণসীত৷ইয়াৰ পিছত গুজৰাটত আৰম্ভ কৰা হৈছিল ৩খনকৈ বন্দে ভাৰত এক্সপ্ৰেছ।শেহতীয়াকৈ দেশৰ সপ্তম খন বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিছিল বিগত ৩০ ডিচেম্বৰত।পশ্চিমবংগৰ হাওৰা ষ্টেচনৰ পৰা নিউ জলপাইগুৰিলৈ এই সপ্তমখন ৰে’লৰ শুভাৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃৰ বিয়োগ ঘটাত দেশৰ ৰাজধানীৰ পৰাই ভাৰ্চুৱেলী প্ৰধানমন্ত্ৰীয়ে ৰে’লখন উদ্ধোধন কৰিছিল।ৰে’লখন শুভাৰম্ভ কৰা এটা সপ্তাহ নৌহওঁতেই বিগত সোমবাৰে মালদহ জিলাত অচিনাক্ত দুৰ্বৃত্তই পাথৰ দলিয়াই ৰে’লখনৰ ক্ষতিসাধন কৰে৷পুনৰ মঙলবাৰে অচিনাক্ত দুৰ্বৃত্তই শিলগুটি দলিয়াই ৰে’লখনলৈ।বিজেপিয়ে এই ঘটনাৰ নিয়াৰ দ্বাৰা তদন্ত বিচাৰিছে।টুইটাৰত এই ঘটনাৰ তদন্ত বিচাৰি বিৰোধী নেতা শুভেন্দু অধিকাৰীয়ে লিখিছে“ এইটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক ৷পশ্চিম বংগৰ মালদহ জিলাত বন্দে ভাৰত এক্সপ্ৰেছত পাথৰ দলিয়ালে দুৰ্বৃত্তই।ৰে’লখনৰ শুভাৰম্ভণিৰ দিনাখন ‘জয় শ্ৰীৰাম ‘ ধ্বনি দিয়াৰ বাবে এই প্ৰতিশোধ লৈছে বিৰোধীয়ে।মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীক এই ঘটনাৰ বাবে নিয়াক তদন্তৰ দায়িত্ব দিবলৈ আহ্বান জনাইছোঁ”উল্লেখযোগ্য যে শিলগুটি দলিওৱাৰ ফলত C-3আৰু C-7 ক’চ দুটা যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.