পুনৰ যুঁজ গেহলট-পাইলটৰ !

Share This Article

ৰাজস্থানৰ অশোক গেহলট চৰকাৰৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদমুখৰ শচীন পাইলট।অশোক গেহলট চৰকাৰৰ বিৰুদ্ধে পুনৰ হুংকাৰ শচীন পাইলটৰ।মুখ্যমন্ত্ৰী অশোক গেহলটক তীব্ৰ সমালোচনা শচীন পাইলটৰ।”ছোনিয়া গান্ধীহে অশোক গেহলটৰ নেত্ৰী, বসুন্ধৰা ৰাজে নহয়”-এই মন্তব্য শচীন পাইলটৰ।অশোক গেহলটৰ বিৰুদ্ধে ছোনিয়া গান্ধীক অপমান কৰাৰো অভিযোগ শচীন পাইলটৰ।বসুন্ধৰা ৰাজেৰ দুৰ্নীতিৰ তদন্ত বিচাৰি ভাগৰি পৰা বুলিও মন্তব্য কৰে শচীন পাইলটে।১১ মে’ত গেহলট চৰকাৰৰ বিৰুদ্ধে পদযাত্ৰা উলিয়াব বুলিও ঘোষণা কৰে শচীন পাইলটে।উল্লেখ্য যে শচীন পাইলট আৰু অশোক গেহলটৰ মাজৰ মনোমালিন্য নতুন নহয়।বিগত বিধানসভাৰ নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী আসনখনক লৈ মতবিৰোধ হৈছিল গেহলট আৰু পাইলটৰ।অৱশ্যে পিছত হাইকামাণ্ডৰ হস্তক্ষেপতহে দুয়ো কিছু বুজাবুজিলৈ আহিছিল যদিও পিছত পুনৰ শচীন পাইলটে মুখ্যমন্ত্ৰী গেহলটৰ বিৰোধিতা কৰা আৰম্ভ কৰে৷চলিত বৰ্ষৰ শেষৰ ফালে ৰাজ্যখনত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব কিন্তু গেহলট-পাইলটৰ মতবিৰোধে দলটোক কিমান শক্তিশালী ৰূপত নিৰ্বাচনী ৰণত নমাত সহায় কৰিব তাক লৈ নানান প্ৰশ্নৰ উদয় হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.