পুনৰ বিজেপিৰ ৰিজৰ্টৰ ৰাজনীতি কৰ্ণাটকত !

কৰ্ণাটকত বুধবাৰে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।মুঠ ২২৪ টা বিধানসভাৰ সমষ্টিৰ বাবে ১০ মে’ত নিৰ্বাচন অনুষ্ঠিত হয় কৰ্ণাটকত।
কংগ্ৰেছ নেতা ৰণদ্বীপ সূৰ্যৱালাই নিজৰ টুইটাৰ একাউণ্টত কৰ্ণাটকৰ ডিজিপিক mention কৰি লিখিছে ‘এইটো এটা ভয়ংকৰ খবৰ !দুই নম্বৰী পথেৰে ধন সৰবৰাহ হৈছে নেকি কৰ্ণাটকত?কৰ্ণাটক আৰক্ষী ক’ত গ’ল?উত্তৰ কৰ্ণাটকৰ দানদেলীৰ হুইছিলিং উডজ জাংগল ৰিজৰ্টত কি হৈ আছে?বিশ্ববজিৎ ৰাণেই তাত ৬ টা কোঠা বুক কৰাটো সঁচা নেকি?যদি কৰিছে কিয় কৰিছে?নিৰ্বাচন আয়োগে ইয়াৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে?

কংগ্ৰেছ নেতা পৱন খেৰাই কৰ্ণাটক বিজেপিৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ।তেওঁ টুইটাৰ একাউণ্টত কৰ্ণাটকলৈ গোৱাৰ বিজেপি চৰকাৰে গাড়ীৰে ভোটাৰ পঠিওৱাৰ অভিযোগ উত্থাপন কৰিছে।তেওঁ টুইটাৰ একাউণ্টত লিখিছে ‘ কাদম্বা ট্ৰেন্সপৰ্ট কৰ্পৰেশ্যনৰ অধীনৰ বাছেৰে গোৱাৰ বিজেপি চৰকাৰে কিয় কৰ্ণাটকলৈ মানুহ পঠিয়াইছে?বিগত সপ্তাহতো প্ৰধানমন্ত্ৰীৰ শোভাযাত্ৰালৈ গোৱাৰ পৰা প্ৰায় ১০০ বাছ আহিছিল।ইয়াৰ এক তদন্ত হোৱাৰ প্ৰয়োজন!’উল্লেখ্য যে দক্ষিণ ভাৰতত বিজেপিৰ দখলত কেবল কৰ্ণাটকেই আছে।দেশৰ অন্য প্ৰান্তত বিজেপিৰ সম্পূৰ্ণ দখল আছে যদিও দক্ষিণ ভাৰতত বিজেপিয়ে আধিপত্য বিস্তাৰ কৰিব পৰা নাই।২০১৮ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১০৪ খন আসন লাভ কৰিছিল।কংগ্ৰেছ দলে সেই নিৰ্বাচনত মুঠ ৭৮ খন আৰু জনতা দল (এছ) এ ৩৭ খন আসন লাভ কৰিছিল ।কংগ্ৰেছ আৰু জনতা দল (এছ) এ একেলগে ১৫ মহীয়া চৰকাৰ গঠন কৰে যদিও কিন্তু ২০১৯ চনত চৰকাৰ গঠন কৰে বিজেপিয়ে।কৰ্ণাটকৰ জনসংখ্যা ৬১মিলিয়ন৷ৰাজ্যখনৰ প্ৰায় ১০০ টা সমষ্টিত ১৭ % লিংগায়ট লোক আছে৷কংগ্ৰেছ দলে কৰ্ণাটক কনট্ৰেক্টৰ এছ’চিয়েছনৰ সবাতোকৈ গুৰুতৰ অভিযোগটো লৈ সমগ্ৰ ৰাজ্যত প্ৰচাৰ অভিযান চলাইছিল।উল্লেখ্য যে কৰ্ণাটকৰ কনট্ৰেক্টৰ এচ’ছিয়েছনে বিজেপিৰ মন্ত্ৰীয়ে ৪০% কমিছন লয় বুলি অভিযোগ দি প্ৰধানমন্ত্ৰীলৈয়ো পত্ৰ প্ৰেৰণ কৰিছিল।কংগ্ৰেছৰ আপ্ৰাণ চেষ্টা,কংগ্ৰেছৰ ৫ গেৰাণ্টিয়ে অৱশ্যে বিজেপিৰ ক্ষমতা দখলৰ কৌশলৰ আগত প্ৰকৃতাৰ্থত সফল হ’বনে নহয় সেইটো অৱশ্যে ১৩ মে’তহে স্পষ্ট হ’ব !

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296