পুনৰ পদত্যাগ আপ মন্ত্ৰীৰ

Share This Article

পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ দ্বিতীয়গৰাকী মন্ত্ৰীৰ ।দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ বাবে পদত্যাগ কৰে মান মন্ত্ৰীসভাৰ দ্বিতীয়গৰাকী মন্ত্ৰীয়ে৷মান মন্ত্ৰীসভাৰ খাদ্য আৰু শস্য দপ্তৰৰ মন্ত্ৰী ফৌজা সিং চাৰাৰীয়ে শনিবাৰে পদত্যাগ পত্ৰ দাখিল কৰে।উল্লেখ্য মুখ্যমন্ত্ৰী ভগৱন্ত মান নেতৃত্বাধীন আপ চৰকাৰ পঞ্জাবত ক্ষমতালৈ অহা মাত্ৰ ১০ টা মাহ পাৰ হৈছে৷এই সময়চোৱাতে ২ জনকৈ মন্ত্ৰীয়ে দুৰ্নীতিৰ অভিযোগত পদত্যাগ কৰা কাৰ্যই ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে।পদত্যাগ পত্ৰ দাখিল কৰি ফৌজা সিং চাৰাৰীয়ে কয় যে তেওঁ সদায় দলৰ এজন বাধ্য সৈনিক হিচাপে থাকিব৷মুখ্যমন্ত্ৰী ভগৱন্ত মান বিদেশ ভ্ৰমণত থকাৰ সময়ত বিগত ছেপ্তেম্বৰ মাহত মন্ত্ৰীগৰাকীৰ এক অডিঅ’ ভাইৰেল হৈছিল । সেই অডিঅ’ ক্লিপটোত মন্ত্ৰীগৰাকীয়ে ঠিকাদাৰৰ পৰা ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল।বিৰোধীয়ে চৰকাৰৰ সততাক লৈ প্ৰশ্ন তুলিছিল।অৱশ্যে ইয়াৰ পিছতেই মান চৰকাৰে তেওঁলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল।সেই জাননীৰ উত্তৰ তেওঁ দিলে নে নাই সেই বিষয়ে কোনো তথ্য নাই।অৱশ্যে মন্ত্ৰী গৰাকীয়ে এই অভিযোগ পোনচাটেই নস্যাৎ কৰিছে।তেওঁৰ বিৰুদ্ধে এয়া পৰিকল্পিত ষড়যন্ত্ৰ বুলি উল্লেখ কৰি তেওঁ অভিযোগো দাখিল কৰিছিল।যদিও তেওঁ দুৰ্নীতিৰ অভিযোগৰ বাবে পদত্যাগ কৰা বুলি চৰ্চিত হৈছে, তেওঁ অৱশ্যে ব্যক্তিগত কাৰণতহে পদত্যাগ কৰা বুলি উল্লেখ কৰে।ইয়াৰ আগতে স্বাস্থ্য মন্ত্ৰী বিজয় ছিংলাক মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰা হৈছিল।তেওঁৰ বিৰুদ্ধে বিভাগীয় নিবিদা দাখিলৰ সময়ত কমিছন লোৱাৰ অভিযোগ উত্থাপিত হৈছিল৷তেওঁক কাৰাগাৰলৈয়ো প্ৰেৰণ কৰা হৈছিল।উল্লেখ্য যে আপ মন্ত্ৰীৰ বিৰুদ্ধে এইটোৱেই প্ৰথম দুৰ্নীতিৰ অভিযোগ নহয়৷ইয়াৰ আগতেও দিল্লীৰ অৰবিন্দ কেজৰিৱাল মন্ত্ৰীসভাৰ মন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উঠিছিল । অবৈধ ভাৱে ধন লেনদেনৰ গোচৰত ইতিমধ্যে কাৰাগাৰত বন্দী হৈ আছে কেজৰিৱাল চৰকাৰৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈন।আনহাতে,দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াৰ বিৰুদ্ধেও দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছিল আৰু তেওঁ চিবিআইৰ তদন্তৰ সন্মুখীন হৈছিল।ফৌজা সিং চাৰাৰীয়ে পদত্যাগ দাখিল কৰাৰ দিনাই ভগৱন্ত মানৰ মন্ত্ৰীসভাত ড° বলবীৰ সিঙে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে।মাত্ৰ ১০ মাহতেই আপ চৰকাৰৰ ২জন মন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাটোৱে বিৰোধী দলক উৎসাহিত কৰিছে৷আগন্তুক দিনত মন্ত্ৰীসভাক কেনেদৰে বদনামৰ পৰা মুক্ত কৰি ৰাখে সেয়া পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.