পুনৰ গ্ৰেপ্তাৰ তৃণমূল কংগ্ৰেছৰ নেতা

Share This Article

তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ ছাকেট গোখলেক গুজৰাট আৰক্ষীয়ে বৃহস্পতিবাৰে পুনৰ গ্ৰেপ্তাৰ কৰে।ৰাজহুৱা ধন সংগ্ৰহ কৰা আৰু ইয়াৰ অপব্যৱহাৰ কৰাৰ অভিযোগত কলকাতাৰ পৰা গুজৰাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাকেট গোখলেক।গোখলেক আহমেদাবাদৰ চাইবাৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰি আহমেদাবাদলৈ লৈ ৰাওনা হৈছে৷শুকুৰবাৰে আবেলিহে দলটো আহমেদাবাদত উপস্থিত হ’ব৷উল্লেখ্য যে একেটা মাহতে তৃতীয় বাৰৰ বাবে গোখলেক গ্ৰেপ্তাৰ কৰে গুজৰাট আৰক্ষীয়ে।বিগত ৬ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে গোখলেক গ্ৰেপ্তাৰ কৰিছিল গুজৰাট আৰক্ষীয়ে৷গুজৰাটৰ মৰবী দলং দুৰ্ঘটনাৰ সময়ত প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণত যথেষ্ট ধনৰ অপব্যয় হোৱা বুলি উল্লেখ কৰিছিল ছাকেট গোখলেই আৰু এই অপপ্ৰচাৰৰ বাবে প্ৰথমবাৰ গুজৰাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তেওঁক৷ইয়াৰ পিছতেই তেওঁ জামিন লাভ কৰিছিল যদিও বিগত ৮ ডিচেম্বৰত তেওঁক দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হয়৷অৱশ্যে একেটা গোচৰতে দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ হোৱা গোখলেই ৯ ডিচেম্বৰত পুনৰ জামিন লাভ কৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.