পিতৃ-মাতৃৰ সোঁৱৰণত পুথিভঁৰাল নিৰ্মাণ, শিক্ষক মহেন শইকীয়াৰ ব্যতিক্ৰমী পদক্ষেপ

Share This Article

বৰ্তমান সময়ত ৰাজ্যত একাংশ পুত্ৰ-কন্যাই নিজ জন্মদাতা পিতৃ-মাতৃক অবহেলা কৰাৰ বিভিন্ন বাতৰি প্ৰকাশ হৈ থাকে৷ কিন্তু এনে নেতিবাচক খবৰৰ বিপৰীতে গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ বৃহত্তৰ কমাৰগাঁও অঞ্চলৰ বৰদিহিঙীয়া গাঁৱৰ এজন আদৰ্শবান পুত্ৰই দেখুৱাইছে এক সুন্দৰ আৰু মহান নিদৰ্শন৷ তেখেত হ’ল বৰদিহিঙীয়া গাঁৱৰ নিবাসী তথা নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা লেখক মহেন শইকীয়া৷ নিজ পিতৃ-মাতৃৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে সমাজৰ হিতৰ বাবে নিজৰ ব্যক্তিগত প্ৰচেষ্টাৰে সাঁচতীয়া ধন ভাঙি প্ৰয়াত পিতৃ ঘনকান্ত শইকীয়া আৰু মাতৃ তিলেশ্বৰী শইকীয়া সোঁৱৰণত নিজ বাসগৃহৰ চৌহদতে সকলোৰে উপকৃত হোৱাকৈ নিৰ্মাণ কৰি উলিয়াইছে এটা পুথিভঁৰাল৷
সকলো ধৰণৰ গ্ৰন্থ উপলব্ধ ঘনকান্ত শইকীয়া আৰু তিলেশ্বৰী শইকীয়া সোঁৱৰণী পুথিভঁৰালটো দেওবাৰে মুকলি কৰা হয়। ৮ অক্টোবৰত মহেন শইকীয়াৰ মাতৃৰ মৃত্যুৰ বাৰ্ষিক শ্ৰাদ্ধৰ দিনটোতে মুকলি কৰা হয় পুথিভঁৰালটো। পুৱাতে ভকত সকলৰ দ্বাৰা কীৰ্তন আৰু গীতা পাঠৰ অন্তত মহুৰামুখ হাইস্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক সুৰেন বড়িয়ে বন্তি প্ৰজ্বলন কৰি বক্তব্য প্ৰদান কৰে আৰু পুথিভঁৰালটো মুকলি কৰে কমাৰগাঁও মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ‍্যক্ষ তথা সাহিত্যিক শোভন চন্দ্ৰ শইকীয়াই। পুথিভঁৰালটো মুকলি কৰি শোভন চন্দ্ৰ শইকীয়াই এনে মহৎ কামৰ শলাগ লৈ এতিয়াৰ প্ৰজন্মক কিতাপ অধ্যয়ন কৰিবলৈ আহ্বান জনায়।বৰ্তমান গ্ৰন্থ অধ্যয়ন কৰিবলৈ বহুত ছাত্র- ছাত্ৰীৰ অনীহা প্ৰকাশ কৰা বুলিও তেওঁ মন্তব্য কৰে। পুথি ভঁৰালটোলৈ এগৰাকী ভকত বৈষ্ণৱ তিলেশ্বৰ নেওগে এখন   অভিধান আগবঢ়াই ।মহুৰামুখ প্ৰেছ ক্লাবৰ বিষয়ববীয়া বলোৰাম কামান,সৰুধন মৰাং,পৱন কামান, হেমন্ত লয়িংআদি কেইবা জনো বিষয়ববীয়াই মহেন শইকীয়াক অভিনন্দন পত্ৰ আৰু জাতীয় বস্ত্ৰৰে সম্বৰ্ধনা জনায়। উল্লেখ্য মহেন শইকীয়াই অঞ্চলটোত গ্ৰন্থৰ অধ্যয়নৰ আন্দোলন গঢ়ি তোলাৰ মানসেৰে নিজৰ সাঁচতীয়া ধনেৰে পুথিভঁৰাল নিৰ্মাণ কৰি সমাজৰ বাবে উৎসৰ্গিত কৰাৰ লগতে এগৰাকী পুত্ৰ হিচাপে জন্মদাতা পিতৃ-মাতৃৰ প্ৰতি ভক্তিৰ নিদৰ্শন দেখুওৱাত সকলোৱে ভুয়সী প্ৰশংসা কৰিছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.