‘পাপ্পু’ৱেই ‘পাপ্পু’ বনালে মোডী-শ্বাহক !

Share This Article

বিগত ১০ মে’ত অনুষ্ঠিত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি ভৱাতকৈয়ো অধিক আসন লাভ কৰিলে কংগ্ৰেছে।ৰাজ্যখনৰ মুঠ ২২৪ খন আসনৰ ১৩৫ খন আসনত বিজয়ধ্বজা উৰুৱালে কংগ্ৰেছে।কংগ্ৰেছৰ এই বিজয় বিজেপিৰ বাবে একেবাৰে কল্পনাতীত আছিল।দক্ষিণ ভাৰতীয় ৰাজ্য কৰ্ণাটকতেই দখল থকা বিজেপিৰ শোচনীয় পৰাজয়ে দলটোৰ সেই প্ৰান্তত প্ৰৱেশ পথতেই যেন কেনা লগালে।দক্ষিণ ভাৰতীয় ৰাজনীতিত যথেষ্ট চেষ্টা কৰিও খোপনি পোতাত ব্যৰ্থ হোৱা বিজেপিৰ এই শোচনীয় পৰাজয়ে হতাশ কৰিছে বিজেপি দলৰ শীৰ্ষ নেতৃত্বকো।তদুপৰি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ চিন্তায়ো একপ্ৰকাৰ মানসিকভাৱে কোঙা কৰি পেলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহকো।উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সেনাপতি হিচাপে লৈ কৰ্ণাটকত এইবাৰ নিৰ্বাচনী যুঁজত নামিছিল বিজেপি।প্ৰধানমন্ত্ৰীয়ে ১৯ খন ৰেলীত অংশগ্ৰহণ কৰিছিল কৰ্ণাটকত৷প্ৰায় এটা সপ্তাহ প্ৰধানমন্ত্ৰী মোডী ব্যস্ত আছিল কৰ্ণাটকত।তাৰপিছতো মাত্ৰ এক তৃতীয়াংশ আসনতে সীমাবদ্ধ থাকিবলগীয়া হ’ল বিজেপি !লগে লগেই দাক্ষিণাত্য জয়ৰ সপোন ধূলিস্যাৎ হ’ল বিজেপিৰ।দক্ষিণ ভাৰতত ঘাইকৈ আছে ৫ খন ৰাজ্য।অন্ধ্ৰপ্ৰদেশ,তেলেংগানা,তামিলনাডু,কেৰালা আৰু কৰ্ণাটক।এই ৰাজ্য কেইখনৰ ভিতৰত কৰ্ণাটকতেই কেৱল দখল আছিল বিজেপিৰ । ’২৪ ত ১৩২খন আসন দক্ষিণতেই হেৰুৱাব বিজেপিয়ে !১৩২খনৰ মাত্ৰ ৩০ খন আসন আছিল বিজেপিৰ দখলত !কৰ্ণাটকত ২৫ আৰু তেলেংগানাত বিজেপিৰ সাংসদ আছে ৪জন!

কৰ্ণাটকৰ মুঠ ২৮ জন সাংসদ আছে লোকসভাত।বিগত নিৰ্বাচনত ইয়াৰে ২৫ খন আসন দখল কৰিছিল বিজেপিয়ে।তেলেংগানাত মুঠ লোকসভাৰ আসন আছে ১৭ খন।ইয়াৰে ৪ খন বিজেপিৰ দখলত থকাৰ বিপৰীতে কংগ্ৰেছৰ দখলত আছে ৩ খন।অন্ধ্ৰ প্ৰদেশত লোকসভাৰ মুঠ আসন আছে ২৫ খন ।তাত বিজেপিৰ এজনো সাংসদ নাই৷কেৰালাৰ আছে ৩৩গৰাকী সাংসদ।ইয়াৰে ১৫ গৰাকীয়েই কংগ্ৰেছৰ হোৱাৰ বিপৰীতে বিজেপিৰ এজনো সাংসদ নাই।তামিলনাডুত আছে ৩৯ গৰাকী সাংসদ৷ইয়াৰে ৮ গৰাকী কংগ্ৰেছী সাংসদ আৰু বিজেপিৰ এগৰাকীও সাংসদ নাই।কৰ্ণাটকত এইবাৰ বিজেপিৰ পৰাজয়ে ২০২৪ চনত বৰ্তমান থকা ২৫ খন আসন হেৰুওৱাৰ পথ প্ৰশস্ত কৰিলে।কৰ্ণাটকৰ বিপৰ্যয়ে বিজেপিৰ শীৰ্ষ মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।২০২৪ চনত বিজেপিৰ ক্ষমতা হেৰুওৱাৰ ভয়ে থৰথৰকৈ কঁপাইছে বিজেপি নেতৃত্বক !মুঠ কথাত কৰ্ণাটকৰ পৰাজয়ৰ পিছত ক্ষমতা হেৰুওৱাৰ ক্ষণ গণিছে বিজেপিয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.