সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পাইলটক ‘পাইলট’ নবনায় কংগ্ৰেছে !

বহু জল্পনা কল্পনাৰ অন্তত কৰ্ণাটক বিজয়ৰ সপোন কংগ্ৰেছ দলে পূৰণ কৰিলে যদিও মুখ্যমন্ত্ৰী পদক লৈ টনাআজোঁৰা চলিছিল সিদ্দাৰামায়া আৰু কংগ্ৰেছ সভাপতি ডি কে শিৱকুমাৰৰ মাজত৷বহু গুণাগঁথাৰ অন্তত মুখ্যমন্ত্ৰী হিচাপে সিদ্দাৰামায়া আৰু উপমুখ্যমন্ত্ৰী হিচাপে ডি এ শিৱকুমাৰক নিৰ্বাচিত কৰা হ’ল।অহা ২০ মে’ত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব ছিদ্দাৰামায়াই।কৰ্ণাটকৰ সমস্যা সমাধান হোৱাৰ পিছতে কংগ্ৰেছ নেতৃত্বই ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু শচীন পাইলটৰ মাজত চলি থকা মতবিৰোধ আঁতৰৰ পদক্ষেপ লোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।উল্লেখ্য যে গেহলট পাইলটৰ মাজত চলি থকা দীৰ্ঘদিনীয়া মনোমালিন্যই সমস্যাৰ সৃষ্টি কৰিছে কংগ্ৰেছৰ।চলিত বৰ্ষৰ শেষৰ ফালে যিহেতু ৰাজস্থানত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ,সেয়ে গেহলট- পাইলটৰ মতবিৰোধে সমস্যাত পেলাব কংগ্ৰেছক।অবশ্যে কংগ্ৰেছে পুনৰ আগতে কৰা ভুলৰ পুনৰ আবৃত্তি নকৰে।
পঞ্জাৱতো ২০২১চনত মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ বিৰুদ্ধে বিসম্বাদে গা কৰি উঠিছিল আৰু কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই ২০২২ চনৰ নিৰ্বাচনলৈ এটা বছৰ থকা সময়ত কেপ্তেইন অমৰিন্দৰক অপসাৰণ কৰি চৰণজিৎ সিং চৈনীক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিছিল ৷কিন্তু কংগ্ৰেছ নেতৃত্বই উপলব্ধি কৰিলে যে নিৰ্বাচনলৈ মাত্ৰ এটা বছৰ থকা সময়ত মুখ্যমন্ত্ৰী সলাই তেওঁলোকে মাৰাত্মক ভুল কৰিলে।কিয়নো ২০১৭ চনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰা কংগ্ৰেছ দলে ২০২২চনত মাত্ৰ ১৮ খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হয়।উল্লেখ্য যে পঞ্জাবত মুঠ ১১৭ খন বিধানসভা আসন আছে আৰু ২০২২ চনৰ নিৰ্বাচনত আম আদমি পাৰ্টিয়ে মুঠ ৯২ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে লাভ কৰিছিল মাত্ৰ ১৮ খন আসন।পঞ্জাৱত কেন্দ্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰী সলনি কৰাৰ দৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তই পঞ্জাবত কংগ্ৰেছৰ অৱস্থা শোচনীয় কৰি পেলালে৷সেয়ে ৰাজস্থানৰ ক্ষেত্ৰত কংগ্ৰেছে আৰু সেই একে ভুল নকৰে।

Leave A Reply

Your email address will not be published.