পদযাত্ৰাত ব্যস্ত কিন্তু নীৰৱেহে !

Share This Article

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পদযাত্ৰাৰ সংবাদে দেশৰ আকাশ বতাহ কঁপাই আছে।কিন্তু এজন বিশেষ ব্যক্তিয়েও লগত সমৰ্থক লৈ অক্টোবৰৰ পৰা চলাই আছে পদযাত্ৰা।কিন্তু তেওঁৰ নিউজ উপেক্ষিত !
কোন তেওঁ?
তেওঁ আন কোনো নহয়,তেওঁ ৰাজনৈতিক কৌশলপ্ৰণেতা প্ৰশান্ত কিশোৰ।প্ৰশান্ত কিশোৰে বিহাৰত অকলেই আৰম্ভ কৰিছে পদযাত্ৰা।পদযাত্ৰাৰ নাম দিছে ‘ জন সূৰুয ‘ ৷কিন্তু এজন ৰাজনৈতিক কৌশলপ্ৰণেতা হিচাপে তেওঁৰ যাত্ৰাই যিমান গুৰুত্ব লাভ কৰিব লাগিছিল ,সিমান গুৰুত্ব লাভ কৰা নাই।প্ৰশান্ত কিশোৰে কংগ্ৰেছৰ লগত সম্পৰ্ক ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিও ব্যৰ্থ হোৱাৰ পিছতে নিজেই অকলেই আৰম্ভ কৰিলে ‘জন সূৰুয’ যাত্ৰা।শনিবাৰে সাংবাদিকে ৰাহুল গান্ধীৰ পদযাত্ৰা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত কয় ‘ তেওঁলোক ডাঙৰ মানুহ।তেওঁলোকৰ তুলনাত মই কোনো নহয়৷ৰাহুল গান্ধীয়ে ৩,৫০০ কিলোমিটাৰ খোজ কাঢ়িছে।মোৰ বাবে কিলোমিটাৰ গুৰুত্বপূৰ্ণ নহয়৷মই অক্টোবৰৰ পৰা অবিৰতভাৱে খোজ কাঢ়িছোঁ৷কিন্তু মই মোৰ শাৰীৰিক সক্ষমতাক লৈ জনপ্ৰিয়তা বিচৰা নাই।’ৰাহুল গান্ধীৰ যাত্ৰাক টিপ্পনী দি কিশোৰে কয় তেওঁ এই যাত্ৰাৰ সময়ত নববৰ্ষ উদযাপন কৰিবলৈ বিৰতি লোৱা নাই অথবা এবাৰলৈয়ো গাড়ীত উঠা নাই।উল্লেখ্য যে কিশোৰ প্ৰথমবাৰৰ বাবে ২০১৪ চনত সংবাদ শিৰোনামলৈ আহিছিল।২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনত প্ৰশান্ত কিশোৰে বিজেপিৰ কৌশল প্ৰণেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল।ইয়াৰ পিছত ২০২১চনত পশ্চিম বংগৰ নিৰ্বাচনত তেওঁৰ কৌশল প্ৰয়োগ কৰিয়েই মমতা বেনাৰ্জীয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয়।
ইয়াৰ ওপৰিও বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ,উদ্ধৱ থাকৰে,এম কে ষ্টেলিন,অৰবিন্দ কেজৰিৱাল,অমৰিন্দৰ সিং,জগন মোহন ৰেড্ডী আৰু কে চন্দ্ৰশেখৰ ৰাৱৰ লগতো ব্যৱসায়িক ভিত্তিত সহযোগিতা আগবঢ়াইছিল প্ৰশান্ত কিশোৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.