পদপিষ্ট হৈ মৃত্যু ৮

Share This Article

অন্ধ্ৰ প্ৰদেশৰ নেল’ৰ জিলাৰ কান্দুকুৰ নগৰত অনুষ্ঠিত তেলেগু দেশম পাৰ্টিৰ এক সভাত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পাইছে।বিৰোধী দলৰ নেতা এন চন্দ্ৰবাবু নাইডুৱে বুধবাৰে অনুষ্ঠিত সভাত ভাষণ দি থকাৰ সময়ত অত্যধিক ভিৰৰ বাবে ২গৰাকী মহিলা আৰু আন ৮ গৰাকী লোক নলাত সোমাই পৰি মৃত্যুক সাৱটি লয়৷অৱশ্যে ঘটনা সংঘটিত হোৱাৰ পিছতে নাইডুৱে সভাখন বাতিল কৰে আৰু মৃতকৰ পৰিয়াললৈ সমবেদনা জনোৱাৰ লগতে ১০ লাখকৈ টকা সাহাৰ্য হিচাপে আগবঢ়ায়।তেওঁ নিজে চিকিৎসালয়ত উপস্থিত হৈ আহত সকলৰ খবৰ লোৱাৰ ওপৰিও তেওঁৰ দলৰ নেতা সকলক আহত সকলৰ স্বাস্থ্যৰ বুজ লৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উক্ত ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু এক টুইটাৰ বাৰ্তাত লিখিছে ” নেল’ৰৰ ৰাজহুৱা সভাত সংঘটিত ঘটনাক লৈ দুঃখিত৷শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।নিহত সকলৰ পৰিয়াললৈ ২ লাখ টকাকৈ সাহাৰ্য প্ৰদান কৰাৰ লগতে আহত সকলক ৫০ হাজাৰ টকাকৈ প্ৰধানমন্ত্ৰী সাহাৰ্য কোষৰ পৰা প্ৰদান কৰা হৈছে।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.