নিৰ্বাচন আয়োগৰ ক্ষেত্ৰত কঠোৰ উচ্চতম ন্যায়ালয়

Share This Article

মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু আন নিৰ্বাচনী আয়ুক্তৰ নিযুক্তিৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ।তিনিজনীয়া এক বিশেষ পেনেল গঠন কৰা হ’ব।এই পেনেলত থাকিব প্ৰধানমন্ত্ৰী,লোকসভাৰ বিৰোধী দলপতি আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ।বিৰোধী দলপতি হিচাপে যদি কোনো নাথাকে বা আসনখন খালী থাকে তেন্তে সংখ্যাগৰিষ্ঠতা থকা বিৰোধী দলৰ নেতা এই পেনেলৰ সদস্য হ’ব।সংসদত এই নিযুক্তি সম্পৰ্কত এখন আইন অনাৰ লগে লগে ই প্ৰযোজ্য হ’ব।এই ৰায় ঘোষণা কৰি পাঁচজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ হৈ ন্যায়াধীশ কে এম যোচেফে কয় ‘ নিৰ্বাচন আয়োগ স্বাধীন হোৱা উচিত৷নিৰ্বাচন আয়োগ স্বাধীন নহ’লে ইয়াৰ পৰা স্বচ্ছতা আশা কৰিব নোৱাৰি।’
ন্যায়াধীশৰ বিচাৰপীঠে লগতে কয় যে নিৰ্বাচন আয়োগৰ সদায় এক স্বতন্ত্ৰ সচিবালয় থকা উচিত৷ইয়াৰ নিজস্ব নীতি প্ৰণয়ন ক্ষমতা থকাৰ লগতে ইয়াৰ এক সুকীয়া স্বতন্ত্ৰ বাজেট থকাটো প্ৰয়োজন।উল্লেখ্য যে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন তুলি বিগত নবেম্বৰ মাহত ৪ খন জনস্বাৰ্থ জড়িত আৱেদন দাখিল কৰিছিল উচ্চতম ন্যায়ালয়ত।বিগত ২৪ নবেম্বৰত এই ৰায় ন্যায়ালয়ে সংৰক্ষণ কৰিছিল।নবেম্বৰত কেইবাটাও শুনানি গ্ৰহণ কৰাৰ পিছত পাঁচজনীয়া বিচাৰপীঠে বৃহস্পতিবাৰে এই ৰায় প্ৰদান কৰে৷পাঁচ জনীয়া বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু আন নিৰ্বাচন আয়ুক্তৰ নিযুক্তিৰ ক্ষেত্ৰত থকা স্পষ্ট নিৰ্দেশনা সম্পৰ্কত প্ৰশ্ন কৰে।আনকি উচ্চতম ন্যায়ালয়ে এই বিষয়ত ইমানেই কঠোৰতা অৱলম্বন কৰে যে সংবিধানৰ স্ৰষ্টাসকলৰ আকাংক্ষাক যদি সফল ৰূপ দিব নোৱাৰে তেন্তে ন্যায়ালয়ে নিজাববীয়াকৈ এক সুস্থ প্ৰক্ৰিয়াৰ কথা বিবেচনা কৰিব বুলিও সকীয়াই দিয়ে। বিচাৰপীঠে ১৯৯৬ চনৰ পৰা মুখ্য নিৰ্বাচন আয়ুক্তক সম্পূৰ্ণ ৬ টা বছৰৰ দায়িত্ব দিয়া আৰু আন নিৰ্বাচনী আয়ুক্তৰ নিযুক্তিৰ ক্ষেত্ৰত বিশেষ কোনো আইন নথকাৰ বাবেই ‘ এক শংকাৰ পৰিবেশ’ সৃষ্টি হোৱা বুলি উল্লেখ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.