নিষিদ্ধ হ’ল ৰক্তচিত্ৰ !

Share This Article

শৰীৰৰ তেজ উলিয়াই ৰক্তচিত্ৰ উপহাৰ ।কিয় বাঢ়িছে ৰক্তচিত্ৰৰ প্ৰৱণতা? সাম্প্ৰতিক সময়ত প্ৰায়ে দেখা গৈছে মানুহে উপহাৰ দিবৰ বাবে ব্যৱহাৰ কৰিছে নিজৰ তেজ।মানুহৰ মাজত ৰক্তচিত্ৰৰ উন্মাদনা ব্যাপক হাৰত বৃদ্ধি পাইছে।তামিলনাডুত ভয়াৱহ প্ৰভাৱ ৰক্তচিত্ৰৰ ফলত তামিলনাডু চৰকাৰে নিষিদ্ধ কৰিলে ৰক্তচিত্ৰ। শেহতীয়াকৈ তামিলনাডুত সংঘটিত হৈছে এক অদ্ভুত ঘটনা।ঘটনাটো গণেশন নামৰ এজন ২০ বছৰীয়া যুৱকৰ।২০২২ চনৰ ১০ ডিচেম্বৰত গনেশনৰ প্ৰেয়সীৰ জন্মদিন আছিল।জন্মদিন উপলক্ষে গনেশনে এটা ব্যতিক্ৰমী উপহাৰ দিয়াৰ কথা চিন্তা কৰে।গনেশনে এই সন্দৰ্ভত এজন বন্ধুৰ সৈতে আলোচনা কৰাত বন্ধুজনে ‘ৰক্তচিত্ৰ’ৰ কথা কয়।গণেশনে এই ধাৰণাটো একেবাৰে ব্যতিক্ৰমী পাইছিল।তেওঁ চেন্নাইৰ এটা ষ্টুডিঅ’লৈ যায় আৰু A4 আকাৰৰ পেইণ্টিং তৈয়াৰ কৰিবলৈ ৫ মিলিলিটাৰ তেজ দিয়ে।তামিলনাডুত গণেশনৰ দৰে আৰু বহুতো ঘটনা ঘটিছে, য’ত মানুহে তেওঁলোকৰ প্ৰিয়জনৰ বাবে তেজেৰে চিত্ৰ তৈয়াৰ কৰি উপহাৰ দিয়ে। তামিলনাডু চৰকাৰে কিয় নিষিদ্ধ কৰিলে ৰক্তচিত্ৰ?২০২২চনৰ ২৪ ডিচেম্বৰত তামিলনাডুৰ স্বাস্থ্য মন্ত্ৰী এম.এ. সুব্ৰমনিয়াম হঠাতে চেন্নাইৰ এটা ৰক্তচিত্ৰ নিৰ্মাণকাৰী ষ্টুডিঅ’ত উপস্থিত হয়।তেওঁ চিত্ৰাংকনৰ বাবে ৰখা বহুতো ভাইল তেজ আৰু বেজী দেখি আচৰিত হৈছিল।তাৰ পাছতেই তেওঁ তেজেৰে চিত্ৰ নিৰ্মাণৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে ।এই সন্দৰ্ভত মন্ত্ৰী সুব্ৰমনিয়ামে কয়, তেজৰে চিত্ৰ নিৰ্মাণ কৰা সকলো ব্যক্তি বিৰুদ্ধে অপৰাধমূলক ব্যৱস্থা লোৱা হ’ব। সুব্ৰমনিয়ামে কয়- ”তেজেৰে কৰা কলা শাস্তিযোগ্য৷ ৰক্তদান হৈছে এক পবিত্ৰ কাৰ্য৷ প্ৰেম আৰু মৰম দেখুওৱাৰ আৰু বহুতো উপায় আছে৷ তেজৰ কলা অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন নাই।” অনুসন্ধানৰ সময়ত দেখা গৈছিল যে ষ্টুডিঅ’ত তেজ লোৱাৰ প্ৰক্ৰিয়া নিৰ্ধাৰিত নীতি-নিয়ম অনুসৰি কৰা হোৱা নাছিল। একেটা বেজীকে বহুলোকৰ তেজ সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত মানুহৰ মাজত বিভিন্ন ৰোগ সংক্ৰমণ হোৱাৰ আশংকা থাকিব পাৰে।তদুপৰি সাধাৰণ লোকে তেজ সংগ্ৰহ কৰাটো বেআইনী।স্বাস্থ্য বিশেষজ্ঞ এম ভেংকটাচলমৰ মতে, তামিলনাডুত এই প্ৰৱণতা দ্ৰুতগতিত বৃদ্ধি পোৱাটো চিন্তাৰ বিষয়। কেৱল পৰীক্ষাগাৰৰ টেকনিচিয়ান, নাৰ্চ বা চিকিৎসকক মানৱ শৰীৰৰ পৰা তেজ সংগ্ৰহ কৰিবলৈ অনুমতি দিয়া হয়।মানুহে এনে ষ্টুডিঅ’ত তেওঁলোকৰ তেজ সংগ্ৰহ কৰাটো একেবাৰেই সুৰক্ষিত নহয়।ইয়াৰ ফলত বহুতো ৰোগ বিয়পাৰ সম্ভাৱনা আছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.