নাগালেণ্ডত নাৰীৰ ‘প্ৰথম খোজ’

Share This Article

পোন প্ৰথমবাৰৰ বাবে মহিলা বিধায়কৰ প্ৰৱেশ ঘটে নাগালেণ্ড বিধানসভাত।দুয়োগৰাকী মহিলা প্ৰাৰ্থীয়েই নেশ্যনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি চমুকৈ NDPP ৰ প্ৰতিনিধি।পশ্চিম আংগামী সমষ্টিৰ পৰা চালহটৌনৌ ক্ৰুছে আৰু ডিমাপুৰ থ্ৰীৰ পৰা হেকানি জাখালু জয়ী হয়।চালহটৌনৌ ক্ৰুছে পেছাত এগৰাকী হোটেল ব্যৱসায়ী।নিৰ্দলীয় প্ৰাৰ্থী কেনেইজাখ’ নাখৰ’ক পৰাজিত কৰি নাগালেণ্ড বিধানসভালৈ নিৰ্বাচিত হয় ক্ৰুছে।নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক্ৰুছেৰ হৈ প্ৰচাৰ চলাইছিল।ডিমাপুৰ থ্ৰীৰ নৱনিৰ্বাচিত বিধায়িকা জাখালু দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক।জাখালুৱে আমেৰিকাৰ পৰা আইনৰ ডিগ্ৰী গ্ৰহণ কৰাৰ লগতে তেওঁ এগৰাকী সামাজিক উদ্যমী।তদুপৰি তেওঁ ইউথ নেটৰ প্ৰতিষ্ঠাতা।বিগত আন্তৰ্জাতিক নাৰী দিৱসত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা নাৰী শক্তি পুৰস্কাৰ গ্ৰহণ কৰিছিল৷জাখালুৱে তেওঁৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিত যুৱ উন্নয়ন,মহিলা উন্নয়ন,সংখ্যালঘুৰ অধিকাৰত গুৰুত্ব দিয়াৰ ওপৰিও সমষ্টিটোক আদৰ্শ সমষ্টি হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।১৯৬৩ চনত নাগালেণ্ডে লাভ কৰিছিল ৰাজ্যৰ মৰ্যাদা।কিন্তু বিগত ৬০ বছৰে ৰাজ্যখনৰ বিধানসভাত এগৰাকীঢ মহিলা বিধায়কে পদাৰ্পণ কৰা নাছিল৷ইয়াৰ আগতেও নিৰ্বাচনত মহিলা প্ৰাৰ্থীয়ে প্ৰতিন্দন্দ্বিতা আগবঢ়াইছিল যদিও কেতিয়াও নিৰ্বাচিত হোৱা নাছিল৷শেহতীয়া নিৰ্বাচনত মুঠ ৪ গৰাকী মহিলা প্ৰাৰ্থীয়ে নাগালেণ্ডত প্ৰতিন্দন্দ্বিতা আগবঢ়াইছিল।ইয়াৰে দুগৰাকী NDPP ৰ আৰু বিজেপি আৰু কংগ্ৰেছৰ পৰা এগৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিন্দন্দ্বিতা আগবঢ়াইছিল।
নাগালেণ্ডত ১৯৭৭ চনত প্ৰথমগৰাকী মহিলা সাংসদ নিৰ্বাচিত হৈছিল।২০২২চনত এছ ফাংনন কন্যাক নামৰ মহিলা গৰাকী ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.