Investigative reporting with dedication.

দেশৰ অৰ্থনৈতিক উন্নয়ন ভয়াবহভাৱে হ্ৰাস পাইছে।ঘৰুৱা উৎপাদনৰ হাৰ হ্ৰাস পাইছে অভাৱহনীয় হাৰত।সাম্ভাৱ্য ভয়াবহ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ চৰকাৰে কিছু সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সিন্ধান্ত লৈছে।৩৫ বিধ সামগ্ৰীৰ আবকাৰী শুল্ক বৃদ্ধিৰ লগে লগেই বৃদ্ধি পাব সেই সামগ্ৰীৰ মূল্য।কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে প্ৰস্তুত কৰিছে এই ৩৫ বিধ সামগ্ৰীৰ তালিকা ।বিভিন্ন ধৰণৰ ভিটামিন,গ্লাছ পেপাৰ,অলংকাৰ,প্লাষ্টিকৰ সামগ্ৰী,ইলেক্ট্ৰনিক সামগ্ৰী আদিত বৃদ্ধি হ’ব আবকাৰী শুল্ক।অৱশ্যে সময় আৰু পৰিস্থিতি চাই এই তালিকাত আৰু সামগ্ৰী অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা।উল্লেখ্য ২০২৩-২৪ বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া বাজেট অধিৱেশনখনেই নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট।সেয়ে প্ৰায় এমাহ আগতেই চৰকাৰে প্ৰস্তুত কৰিছে ৰাজহ বৃদ্ধিৰ কৌশল ।প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানতো শেহতীয়াকৈ ভয়ংকৰ বিত্তীয় সংকটে দেখা দিছে।




