দেশত বিলাহী কিনিলে ,নিব লাগিব ‘বন্দুকো’ !

Share This Article

২০১৪ চনত প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ক্ষমতালৈ আহিল বিজেপি চৰকাৰ।মোডীৰ নেতৃত্বত চৰকাৰ অহাৰ পৰাহে দেশত উন্নয়ন হোৱা বুলি দাবী কৰি আহিছে বিজেপিয়ে।স্বাধীনতাৰ পিছৰ ৭০ বছৰত কংগ্ৰেছে একোৱেই নকৰিলে বুলি অভিযোগ কৰি অহা বিজেপিৰ দিনত আকৌ মূল্যবৃদ্ধিয়ে ভালকৈয়ে টেটুচেপা দিছে জনতাক।নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ মূল্য ইমানেই বৃদ্ধি পাইছে যে সাধাৰণ জনতাই এসাঁজ খায় এসাঁজ লঘোণে থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এক কেজি বিলাহীৰ দাম এতিয়া হৈছেগৈ ১২০ ৰ পৰা ১৫০ টকা।অৱশ্যে এক কেজি বিলাহীতকৈ এক লিটাৰ পেট্ৰলৰ দাম কম বুলি গৌৰৱ কৰিব পাৰে বিজেপিয়ে।এই একে বিজেপি দলৰ নেতা-নেত্ৰীয়ে চিলিণ্ডাৰৰ মূল্য ৪৫০ টকা হওঁতে প্ৰতিবাদ কৰিছিল কংগ্ৰেছৰ দিনত৷বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কংগ্ৰেছ চৰকাৰৰ দিনত চিলিণ্ডাৰৰ মূল্য ৪০০ টকাৰ পৰা ৫০ টকা বৃদ্ধি হওঁতেই সমালোচনা কৰিছিল কংগ্ৰেছ চৰকাৰক।২০১১চনৰ ২৪ জুনত স্মৃতি ইৰাণীয়ে টুইটাৰত লিখিছিল এলপিজিৰ ৫০ টকা মূল্য বৃদ্ধি কৰা চৰকাৰে নিজকে আম আদমিৰ চৰকাৰ বুলি দাবী কৰে৷এইটো চৰম লজ্জাজনক !সোমবাৰে ভূপাল কংগ্ৰেছে কৰিছিল মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ।এটা ব্ৰীফ কেচত ভূপালৰ ৫ নম্বৰ মাৰ্কেটৰ পৰা কিছু পাচলি ক্ৰয় কৰি ভৰাই তাৰ নিৰাপত্তাৰ বাবে এটা নকল বন্দুকো ৰাখিছিল৷তেওঁলোকৰ মতে বিলাহীৰ মূল্য ইমানেই বেছি যে নিৰাপত্তা নিদিয়াকৈ কঢ়িয়ায় ফুৰাটো বিপদজনক।উল্লেখ্য যে মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সমগ্ৰ দেশত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰতিটোত ৭ টকাকৈ বৃদ্ধি পাইছে।আগৰ ১৭৭৩ টকাৰ পৰিবৰ্তে এতিয়া এই মূল্য হ’লগৈ ১৭৮০ টকা।দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে শাকপাচলিৰ দাম।মহানগৰীতো হোৰাহোৰে বৃদ্ধি পাইছে পাচলিৰ দাম । শতকৰ ঘৰ অতিক্ৰম কৰিলে প্ৰতিবিধ শাকপাচলিৰ মূল্যই৷ কিন্তু মূল্যবৃদ্ধি নিয়ন্ত্ৰণত গুৰুত্ব নাই চৰকাৰৰ।বিগত ১ জুলাইৰ পৰা প্ৰতি লিটাৰ গাখীৰত বৃদ্ধি পাইছে ৫ টকাকৈ৷ইমানৰ পিছতো চৰকাৰৰ যোগান বিভাগৰ গুৰুত্ব নাই।চৰকাৰ ব্যস্ত আছে বিনামূলীয়া চৰকাৰী আঁচনিৰে জনতাৰ সমৰ্থন লৈ ভোট বেংক গঢ়াত।আনকি জনসাধাৰণক মূল্যবৃদ্ধিৰ জ্বলন্ত অগ্নিকুণ্ডত সুমুৱাই ৰাখি মুখ্যমন্ত্ৰীয়ে চৰকাৰী ধনেৰে ২৫০০০ হাজাৰ নাচনী ঢুলীয়াক লৈ দিল্লীত বিহু মাৰিবলৈ যোৱাৰো পৰিকল্পনা কৰিছে।অৱশ্যে বিজেপি দলৰ বাবে পৰম সন্তুষ্টি এয়াই যে প্ৰতি লিটাৰ পেট্ৰলতকৈ প্ৰতি কেজি বিলাহীৰ দাম বেছি।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.