Investigative reporting with dedication.

উচ্চতম ন্যায়ালয়ে শীঘ্ৰেই পাব ৫ গৰাকী নতুন ন্যায়াধীশ।এটৰ্নী জেনেৰেলে উচ্চতম ন্যায়ালয়ক দেশৰ তিনিখন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু দুখন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক শীঘ্ৰেই নিযুক্তি প্ৰদানৰ নিৰ্দেশ দিছে।ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পংকজ মিট্টাল,পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জয় কেৰল,মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পি ভি সঞ্জয় কুমাৰক নিযুক্তিৰ নিৰ্দেশ দিছে এটৰ্নী জেনেৰেলে৷তদুপৰি পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আহচানুদ্দিন আমানুল্লাহ আৰু মনোজ মিশ্ৰক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ নিৰ্দেশ দিয়ে।৫ জন ন্যায়াধীশক নিযুক্তিৰ বিষয়টোত বিগত ১৩ ডিচেম্বৰতে অনুমোদন জনাইছিল উচ্চতম ন্যায়ালয়ে৷এই ন্যায়াধীশ কেইজনে শপত গ্ৰহণ কৰাৰ পিছত ন্যায়াধীশৰ সংখ্যা ৩২লৈ বৃদ্ধি পাব।




