দুৰ্নীতিৰ অভিযোগত কঁপিছে ৫৬ ইঞ্চি বুকু !

Share This Article

কৰ্ণাটকত নিৰ্বাচন সমাগত।অহা ১০ মে’ত কৰ্ণাটকৰ ২২৪ টা বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব !নিৰ্বাচনৰ বাবে শাসক দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে।বিগত কাৰ্যকালত কোনো ধৰণৰ উন্নয়নমূলক কাম নকৰা বিজেপিয়ে কংগ্ৰেছক প্ৰত্যাক্ৰমণ কৰিবলৈ বিচাৰি পোৱা নাই কোনো বিশেষ ইছ্যু।৪০% কমিচন বিচৰা বুলি অভিযোগ দিয়া ঠিকাদাৰ সকলেও এইবাৰ শাসক দল বিজেপিৰ বিৰোধিতা কৰিছে।প্ৰায় প্ৰতিটো নিৰ্বাচনতেই মোডীৰ ভাৱমূৰ্ত্তিক লৈ ভোট বিচৰা বিজেপি দল হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ ৰিপৰ্টত প্ৰকাশ পোৱা মোডী – আদানি সম্পৰ্ক আৰু প্ৰধানমন্ত্ৰীৰ নাম লৈ দালালি কৰা সঞ্জয় প্ৰকাশ ৰায় শ্বেৰপুৰীয়াৰ বিষয়টোৱে ৫৬ ইঞ্চি বুকু ফুলাই কথা ক’ব পৰা অৱস্থাত এইবাৰ ৰখা নাই স্বয়ং প্ৰধানমন্ত্ৰীকে।

২০১৯ চনৰ লোকসভা নিৰ্বাচনত বাৰাণসী সমষ্টিৰ প্ৰাৰ্থী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা সঞ্জয় প্ৰকাশ ৰায় শ্বেৰপুৰীয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।এগৰাকী দিল্লীৰ ব্যৱসায়ী গৌৰৱ ডালমিয়াৰ পৰা ৬ কোটি টকা লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হয় মোডীৰ হৈ প্ৰচাৰ চলোৱা শ্বেৰপুৰীয়া।’দৈনিক ভাস্কৰ’ত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি চিবিআইৰ এক গোচৰৰ পৰা গৌৰৱ ডালমিয়াৰ নাম আঁতৰাবলৈকে তেওঁ এই বৃহৎ ধন উৎকোচ হিচাপে লৈছিল।ইতিমধ্যে দৈনিক ভাস্কৰত ৰাইৰ কেইবাজনো RSS আৰু বিজেপি নেতা জেপি নাড্ডা,অনুৰাগ ঠাকুৰ,কেশৱ প্ৰসাদ মৌৰ্য,মোহন ভাগবত আদিৰ দৰে নেতাৰ লগত থকা ফটো প্ৰকাশ পাইছে।২০১৭ চনত ৰায় বিজেপিৰ ঘাজীপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী আছিল।সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ‘দিব্য দৃষ্টি মোডী’ নামাকৰণেৰে তেওঁ এখন পুথিও প্ৰকাশ কৰিছিল।শ্বেৰপুৰীয়া,আদানি আৰু জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপান সত্যপাল মালিকৰ পুলৱামা কাণ্ড সম্পৰ্কত দিয়া বিস্ফোৰক সাক্ষাৎকাৰে প্ৰধানমন্ত্ৰী মোডী আৰু একেটা সময়তে বিজেপিলৈ কঢ়িয়াই আনিছে ভয়ংকৰ অশনি সংকেত৷শেহতীয়া এই তিনিটা ঘটনাই মোডীৰ ৫৬ ইঞ্চিৰ বুকুৰ সাহস আৰু ‘না খাওংগা না খানে দুংগা’ নীতিক একেলগে ধূলিস্যাৎ কৰি পেলোৱাৰ পিছত ১৩মে’ৰ কৰ্ণাটক নিৰ্বাচনৰ ফলাফলত ইয়াৰ প্ৰভাৱ কেনেদৰে পৰে সেয়া হ’ব লক্ষ্যণীয় !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.