দুই ভগ্নীক বিয়া,ৰঙাঘৰৰ আলহী হ’ব দৰা?

Share This Article

যোৱা শুকুৰবাৰে মহাৰাষ্ট্ৰৰ চোলাপুৰ জিলাত অনুষ্ঠিত হৈছিল এখন বিয়া।অসাধাৰণ এই বিয়া খনত ৰিংকি আৰু পিংকি নামৰ দুই যমজ ভগ্নীয়ে একেজন যুৱকৰ লগত স্বইচ্ছাই বিবাহত বহাৰ সন্মতি দিছিল।সেই অনুসৰি দুই অভিযন্তা ভগ্নীৰ বিবাহকাৰ্য একেজন দৰাৰ লগত সম্পন্ন হৈছিল।উল্লেখ্যযে ৰিংকি আৰু পিংকি দুয়ো যমজ ভগ্নী, তেওঁলোকে এগৰাকীয়ে আনগৰাকীক এৰি থাকিব নোৱাৰে৷সেয়ে তেওঁলোকে একেজন যুৱকৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ বাবে সন্মত হৈছিল৷বিগত শুকুৰবাৰে মালচিৰাজ তেহচিলত এই বিবাহ সম্পন্ন হয়৷তেওঁলোকৰ বিবাহৰ ভিডিঅ’ সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে অঞ্চলটোত তোলপাৰ লাগে।ভাৰতীয় আইন অনুসৰি কোনো হিন্দু লোকে পত্নীৰ জীৱিত অৱস্থাত আন এগৰাকীক বিয়া কৰাব নোৱাৰে।অতুল উত্তম ঔটাডে নামৰ দৰা জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪৯৪ ধাৰাত ৰুজু হৈছে গোচৰ৷ৰাহুল ভাৰত নামৰ এগৰাকী প্ৰতিৱেশীয়ে এই গোচৰ ৰুজু কৰিছে৷আৰক্ষীৰ অভিযোগ অনুসৰি ঔটাডে মাহলুঙৰ চলাপুৰৰ বাসিন্দা৷তেওঁ শুকুৰবাৰে ১২-৩০ বজাত ৩৬ বছৰীয়া ৰিংকি পাদগাওকাৰক বিয়া কৰাইছিল আৰু সেই একে দিনাই ৰিংকীৰ ভনীয়েক পিংকি পাদগাওকাৰৰ লগতো গালাণ্ডে হোটেলৰ একেটা অনুষ্ঠানতে বিবাহকাৰ্য সম্পন্ন কৰে৷পাদগাওকাৰ পৰিয়াল মুম্বাইৰ চান্দিভালীৰ বাসিন্দা।চলাপুৰৰ আৰক্ষী অধীক্ষক শ্ৰীৰীশ চৰদেশপাণ্ডেৰ মতে “ আমি এই বিবাহ সম্পৰ্কত এটা অভিযোগ লাভ কৰিছোঁ৷আমি এতিয়া ন্যায়ালয়ৰ অনুমতি ল’ম আৰু যাৱতীয় তদন্ত আৰম্ভ কৰিম৷আইন অনুসৰি এজন মানুহে এবাৰত এগৰাকী যুৱতীকহে বিয়া কৰাব পাৰে৷আমি পোৱা তথ্য অনুসৰি দুয়োগৰাকী ভগ্নীয়ে ইগৰাকীয়ে সিগৰাকীক এৰি থাকিব নোৱাৰাৰ বাবে একেলগে একেজন যুৱকৰ লগত বিবাহত বহাৰ সিন্ধান্ত ল’লে৷তেওঁলোকৰ নিমন্ত্ৰণী পত্ৰত দৰাৰ বিপৰীতে দুগৰাকী কইনাৰ নাম লিখা আছে।”আনহাতে,অধিবক্তা হৰ্ষদ নিম্বাকাৰে কয় “ বিয়াখন বৈধ নে অবৈধ সেয়া বিবাহ আইন অনুসৰি সিন্ধান্ত হ’ব৷এই অভিযোগ প্ৰকৃততে তেওঁৰ প্ৰথমা পত্নীৰ পৰাহে আহিব লাগিছিল।”দৰা ঔটাডেৰ ‘ট্যুৰচ এণ্ড ট্ৰেভেলচ’ৰ ব্যৱসায় আছে৷তেওঁ তেওঁৰ বিবাহ নিজৰ গৃহ চহৰতে সম্পন্ন কৰিছিল ।গালাণ্ডে হোটেলৰ স্বত্বাধিকাৰী নানা গালাণ্ডেই কয় “ দুয়োটা পৰিয়ালে এই বিবাহৰ বাবে হোটেলখন বুক কৰিছিল।মই দুয়োগৰাকী কইনা আৰু দৰাৰ লগত কথা পাতিছিলোঁ৷তেওঁলোক দুয়োপক্ষই এই বিবাহক লৈ সন্মত আছিল, মই তেওঁলোকৰ পৰিচয় পত্ৰ,আধাৰ কাৰ্ড আদি সংগ্ৰহ কৰিছিলোঁ।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.