ত্ৰিপুৰাত নিৰ্বাচনী হিংসা !

Share This Article

ত্ৰিপুৰাৰ গোমটী জিলাত অৱস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বাসগৃহত আক্ৰমণ । মঙলবাৰে নিশা দুৰ্বৃত্তই বিপ্লৱ দেৱৰ বাসগৃহত আক্ৰমণ চলায়।চিপিআই(এম) ৰ পৃষ্ঠপোষকতাত এই আক্ৰমণ সংঘটিত হোৱা বুলি দাবী কৰিছে বিজেপিয়ে।বিৰোধী দলৰ অভিযোগ যে বিপ্লৱ দেৱৰ পিতৃ হীৰুধন দেৱৰ স্মৃতিত প্ৰতি বছৰে আয়োজিত শ্ৰাদ্ধ অনুষ্ঠানৰ এদিন পূৰ্বে এই ঘটনা সংঘটিত কৰে বিৰোধী দলে।দেৱৰ পিতৃৰ বছৰেকীয়া শ্ৰাদ্ধৰ দিনা মাংগলিক কাৰ্যসূচীৰ বাবে পুৰোহিত উপস্থিত হোৱাৰ সময়তে এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।সংবাদমাধ্যমৰ বাতৰিত প্ৰকাশ যে পুৰোহিত আৰু গাড়ীৰ ওপৰত আক্ৰমণ চলাই অচিনাক্ত দুৰ্বৃত্তই৷স্থানীয় লোকে এই আক্ৰমণ দেখি উদ্ধাৰৰ বাবে অহাত দুৰ্বৃত্ত কেইটা পলাই সাৰে।আক্ৰমণত গাড়ী ক্ষতিগ্ৰস্ত হোৱা জীতেন্দ্ৰ কৌশিকে কয় ” মই মা ত্ৰিপুৰা সুন্দৰী মন্দিৰলৈ গৈছিলোঁ ।মই গুৰুদেৱজীৰ নিৰ্দেশত বুধবাৰে তাত অনুষ্ঠিত হ’বলগীয়া যজ্ঞৰ প্ৰস্তুতিৰ খবৰ ল’বলৈ গৈছিলোঁ৷হঠাতে কেইবাজনো মানুহৰ এটা গোটে মোৰ গাড়ীৰ ওপৰত আক্ৰমণ চলাইছিল।তেওঁলোক হয়তো চিপিআই(এম) বা আন কোনোবা বিৰোধীৰে সদস্য।”ঘটনাটো সংঘটিত হোৱাৰ সময়ত বিপ্লৱ দেৱৰ কোনো আত্মীয় তাত উপস্থিত নাছিল।স্থানীয় জনতাই এই ঘটনাটোৰ বিৰোধিতা কৰিছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ইতিমধ্যে চাব ডিভিজনেল অফিচাৰ নিৰুপম দত্ত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱাঞ্জন ৰয় ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।উল্লেখ্য যে ত্ৰিপুৰাত অহা ফেব্ৰুৱাৰী মাহত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু তাৰ বাবে শাসক -বিৰোধী দুয়ো দলেই আৰম্ভ কৰিছে প্ৰস্তুতি।ত্ৰিপুৰাত আনকি বিজেপিয়ে ৫ জানুৱাৰীৰ পৰা ৰথযাত্ৰাও আৰম্ভ কৰিব।ইয়াৰ উদ্বোধনী কাৰ্যসূচীত গৃহমন্ত্ৰী অমিত শ্বাহেও অংশ ল’ব।বিজেপি শাসিত ৰাজ্যৰ সকলো মুখ্যমন্ত্ৰীয়ে ইয়াত অংশ লোৱাৰ ওপৰিও বিজেপিৰ কেন্দ্ৰীয় সভাপতি জেপি নাড্ডায়ো ইয়াত অংশ গ্ৰহণ কৰিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.