‘তিপৰা মঠাই’ মাথা খাব ত্ৰিপুৰীৰ !

Share This Article

উত্তৰ পূবৰ ৩ খন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা হ’ল।মেঘালয় আৰু নাগালেণ্ডত একেদিনাই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ত্ৰিপুৰাত ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব নিৰ্বাচন।২০১৮ চনত ত্ৰিপুৰাত ২৫ বছৰীয়া বাওঁ দলৰ শাসনৰ অন্ত পেলাই ইতিহাস গঢ়িছিল বিজেপিয়ে।বিজেপিৰ মুখ্যমন্ত্ৰী হৈছিল বিপ্লৱ দেৱ।কিন্তু বিপ্লৱ দেৱৰ নেতৃত্বক লৈ অসন্তুষ্ট হোৱাৰ বাবে ২০২২চনৰ মাজভাগত বিপ্লৱ দেৱক অপসাৰণ কৰি মুখ্যমন্ত্ৰী পদত মাণিক শ্বাহাক অধিষ্ঠিত কৰা হয়।২০১৬ চনত বিজেপিত যোগদান কৰাৰ আগতে মাণিক শ্বাহা আছিল কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ নেতা।আনহাতে,চিপিআই(এম) আৰু কংগ্ৰেছ দল ইতিমধ্যে আসন ভাগবটোৱাৰাৰ চুক্তিত অৱতীৰ্ণ হৈছে৷তাৰ বিপৰীতে ৰাজ্যখনত শেহতীয়াকৈ নিজৰ স্থিতি সবল কৰিবলৈ সক্ষম হোৱা তৃণমূল কংগ্ৰেছে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব।মমতা বেনাৰ্জীয়ে চলিত মাহৰ শেষৰ ফালে ৰাজ্যখনৰ নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব।ইফালে ‘দ্য তিপৰা মঠা’ নামৰ নতুনকৈ গঠন হোৱা দলটোৱে এইবাৰ বিধানসভাৰ নিৰ্বাচনত ল’ব গুৰুত্বপূৰ্ণ ভূমিকা।প্ৰাক্তন কংগ্ৰেছ নেতা তথা ৰাজপৰিয়ালৰ সদস্য প্ৰদ্যুত কিশোৰ মাণিক্য দেৱবৰ্মাৰ নেতৃত্বত গঠিত হৈছে দ্য তিপৰা মঠা দল।অৱশ্যে দেৱবৰ্মাই তেওঁৰ দলটোৱে তেওঁৰ দলৰ মূল দাবী ‘গ্ৰেটাৰ তিপৰালেণ্ড’ সমৰ্থন কৰি চুক্তি স্বাক্ষৰ কৰিলেহে আন ৰাজনৈতিক দলৰ লগত নিৰ্বাচনী মিত্ৰতা কৰিব বুলি স্থিতি স্পষ্ট কৰিছে।দলটোৱে আগন্তুক নিৰ্বাচনত মুঠ ৬০ খন আসনৰ ৪০ খনত প্ৰতিন্দন্দ্বিতা আগবঢ়াব।বিগত বিধানসভাৰ নিৰ্বাচনত ৰাজ্যখনৰ ৬০ খন আসনৰ ভিতৰত বিজেপিয়ে ৩৫ খন,চিপিআই(এম) এ ১৬ খন,ইণ্ডিজেনাছ পিপুলছ ফ্ৰণ্ট অফ ত্ৰিপুৰাই ৮ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে এখনো আসন লাভ কৰা নাছিল।শেহতীয়াকৈ ৰাজ্যখনত বিজেপি দলৰ মাজতেই গঢ়ি উঠিছে বিসম্বাদ।প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বিৰুদ্ধে ঠন ধৰি উঠা বিসম্বাদক নিয়ন্ত্ৰণ কৰিবলৈকে তেওঁক অপসাৰণ কৰাৰ দৰে কঠোৰ সিন্ধান্ত ল’বলগীয়া হৈছিল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই।বিজেপিৰ বিৰুদ্ধে গঢ়ি উঠা ঐক্যবদ্ধ শক্তিক পৰাভূত কৰিবলৈ দলটোৱে বিগত ৬ জানুৱাৰীত আৰম্ভ কৰে ৰথ যাত্ৰা।শাসক দলত থকাৰ পিছতো এই ৰথ যাত্ৰাই যিধৰণৰ সঁহাৰি পাব লাগিছিল ,তেনে সঁহাৰি লাভ কৰা নাছিল দলটোৱে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.