তিপ্ৰা’ক B টীম আখ্যা গৃহমন্ত্ৰীৰ

Share This Article

নৱগঠিত আঞ্চলিক দল তিপ্ৰা মঠাৰ নেতা প্ৰদ্যুত কিশোৰ দেৱবৰ্মাই গৃহমন্ত্ৰী অমিত শ্বাহক কঠোৰ ভাষাৰে সমালোচনা কৰে।সোমবাৰে ত্ৰিপুৰাত এক নিৰ্বাচনী সভাত অংশ লৈ দেৱবৰ্মাই কয় ” মই কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে মাণিক্যই কেতিয়াও কাৰো ওচৰত মূৰ নোদোঁৱায় আৰু কাৰো বি টীম হৈ কাম নকৰে৷আপুনি মোৰ ককা মহাৰাজা বীৰ বিক্ৰমৰ নাম উচ্চাৰণ কৰিছে।সেয়ে আপুনি বুজা উচিত আছিল যে বীৰ বিক্ৰমৰ নাতিয়েকে কাকো নিজৰ ভূমি অথবা জনতাক বিক্ৰী নকৰে৷আমি কাৰো বি টীম নহয় আৰু হ’বও নোৱাৰোঁ।”উল্লেখ্য যে সোমবাৰে গণসমাবেশত অংশ লৈ গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল ‘ আগতে কমিউনিষ্ট আৰু কংগ্ৰেছ ইটো সিটোৰ বিৰোধী আছিল।এতিয়া এই দুয়োটা দল এক হৈ যুঁজ দিব আৰু তিপ্ৰা মঠা ইয়াৰ লগ লাগিল৷মই মোৰ ত্ৰিপুৰাৰ ভাইটি-ভণ্টিহঁতক ক’ব বিচাৰোঁ যি সকলে ভুৱা প্ৰতিশ্ৰুতিৰে ভোট ল’ব খোজে তেওঁলোক হ’ল কমিউনিষ্ট।তেওঁলোকৰ জালত ভৰি নিদিব৷আদিবাসীৰ উন্নয়ন কেৱল বিজেপি আৰু নৰেন্দ্ৰ মোডীয়েহে কৰিব পাৰিব।”তিপ্ৰা মঠাৰ নেতাগৰাকীয়ে লগতে কয় ‘ আমি যদি বি টীম তেন্তে আপোনালোকে আমাক দিল্লীলৈ কিয় বাৰে বাৰে আলোচনাৰ বাবে মাতিছিল?তেওঁলোকৰ লগত বুজাবুজি নকৰাটো আমাৰ দোষ হ’ল আৰু সেয়ে আমি এতিয়া বি টীম হ’লো।আমাৰ দলে বিজেপি,চিপিএম আৰু কংগ্ৰেছক ২০২৩ চনৰ নিৰ্বাচনত পৰাজিত কৰিব।”গুৰুত্বপূৰ্ণ বিষয় এয়ে যে এই নৱগঠিত দলটোৱে ২০২১চনত অনুষ্ঠিত জিলা পৰিষদৰ নিৰ্বাচনত জনজাতীয় অঞ্চলত যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷মুঠ ৩০ খন আসনৰ ১৮ খন আসনত জয়লাভ কৰিছিল দলটোৱে৷ত্ৰিপুৰাৰ মুঠ ৬০ টা বিধানসভা সমষ্টিৰ ২০ টাত তিপ্ৰা মঠাৰ যথেষ্ট জনসমৰ্থন আছে।প্ৰদ্যুত দেৱবৰ্মা জনজাতীয় লোকসকলৰ মাজত ‘বুবাগ্ৰা’ অথবা ‘মহাৰাজা’ হিচাপে খ্যাত৷তেওঁ সদায় ত্ৰিপুৰাৰ জনজাতীয় লোকসকলৰ অধিকাৰৰ হকে সৰৱ হৈ মাত মাতি আহিছে।তিপ্ৰা মঠাৰ মূল দাৱী হ’ল পৃথক তিপ্ৰালেণ্ড গঠন কৰা৷তদুপৰি জনজাতীয় পৰিষদ গঠন কৰাটো তেওঁলোকৰ দলৰ এক অন্যতম দাবী৷দলটোৱে ৭ টা অজনজাতি সমষ্টিত এইবাৰ নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা আগবঢ়াব৷নৱগঠিত দলটো আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান হিচাপে ঠিয় দিছে আৰু ই বিজেপিৰ বাবে এক মূৰৰ কামোৰণি হৈ পৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.