তিনিচুকীয়াত জব্দ ড্ৰাগছ

ড্ৰাগছবিৰোধী অভিযানত তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা৷ আজি পুৱাই তিনিচুকীয়া আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইৰ নেতৃত্বত চহৰ পৰিদৰ্শক ভাস্কৰ ৰাজ বৰুৱা আৰু ৰাইডাৰ টিম’ৰ সহযোগত বিশেষ অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰে দুজনক ৷

আটকাধীন ধৃত দুই ক্ৰমে কাকপথাৰৰ যুৱক বৰগুৰি নিবাসী কুলেন মৰাণ আৰু হিজুগুৰিৰ শ্বৰিফ আহমেদ । ইফালে একে সময়তে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সন্মুখত অৱস্থিত শৰ্মা মেডিক’জৰ স্বত্তাধিকাৰী মনজিৎ শৰ্মাকো আৰক্ষীয়ে কৰায়ত্ত কৰিছে। আটকাধীন দুজনৰ পৰা এএছ ২৩ এবি৩৭৭০ নম্বৰৰ এখন ইক’ স্পৰ্টচ আৰু এএছ২৩ এবি০৪৮৯ নম্বৰৰ এখন ভেন জব্দ কৰিবলৈ সক্ষম হয় ৷ আটকাধীন দুজনৰ পৰা জব্দ কৰা ড্ৰাগছৰ পৰিমাণ ৯.৯ গ্ৰাম ৷ ইফালে মনজিৎ শৰ্মাৰ বাসগৃহতো সমপৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আনকি মনজিৎ শৰ্মাৰ বাসগৃহৰ পৰা দুশৰো অধিক ড্ৰাগছৰ খালী কাৰ্টিজ উদ্ধাৰ কৰা হৈছে।

আজি পুৱাৰে পৰা চলোৱা ড্ৰাগছবিৰোধী অভিযানত তিনিচুকীয়া চহৰৰ বিভিন্ন স্থানৰপৰা দহজনৰো অধিক ড্ৰাগছ আসক্ত আৰু ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে। আৰক্ষীৰ ভাষ্য অনুসৰি জব্দ কৰা ড্ৰাগছৰ মূল্য দহ লক্ষৰো অধিক। অন্যহাতে অধিক তথ্যৰ সন্ধানত আটকাধীন ড্ৰাগছ আসক্ত আৰু সৰবৰাহকাৰীসকলৰ ম’বাইল আৰু বাহনসমূহ জব্দ কৰা হৈছে। অধিক অপৰাধীৰ সন্ধানত তিনিচুকীয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296